কোৰোণা মহামাৰীঃ ভাৰত চৰকাৰে চীনলৈ প্ৰেৰণ কৰিছে তিনিজন চিকিৎসক আৰু দুই নাৰ্চ 

News18 Assam | News18-Assam
Updated:February 20, 2020, 1:05 PM IST
কোৰোণা মহামাৰীঃ ভাৰত চৰকাৰে চীনলৈ প্ৰেৰণ কৰিছে তিনিজন চিকিৎসক আৰু দুই নাৰ্চ 
Source-Google

দলটোৱে তাত আৱদ্ধ থকা ভাৰতীয় নাগৰিক সকলক চিকিৎসা প্ৰদান কৰি উদ্ধাৰ কৰিব।

  • Share this:
কোৰোণা ভাইৰাছৰ মহা আতংকৰ মাজতে ভাৰত চৰকাৰে চীনলৈ প্ৰেৰণ কৰিছে তিনিজন চিকিৎসক আৰু দুই নাৰ্চক। মহামাৰীৰ কাৰণে চুবুৰীয়া ৰাষ্ট্ৰখনত আৱদ্ধ হৈ থকা ভাৰতীয়ক উদ্ধাৰ কৰিবলৈ তৎপৰতাৰে নতুন দিল্লীৰ অটল বিহাৰী বাজপায়ী ইনষ্টিটিউট অফ মেডিকেল চায়েন্সৰ ৫ জনীয়া চিকিৎসক আৰু নাৰ্ছৰ দলক চীনলৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোক চীনৰ য়ুহানলৈ যাব । দলটোৱে তাত আৱদ্ধ থকা ভাৰতীয় নাগৰিক সকলক চিকিৎসা প্ৰদান কৰি উদ্ধাৰ কাৰ্যত অংশ ল’ব। ভাৰতীয় দলটোত আছে তিনিজন চিকিৎসক ক্ৰমে পৱন গুপ্তা, আনন্দ বিশাল, সঞ্জীত পানেচৰ । লগত আছে দুজন নাৰ্ছ ক্ৰমে আজু যশ পুলিকুত্তিল আৰু ভি সাৰথ প্ৰেম ।
Published by: Tulika Devi
First published: January 31, 2020, 3:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading