মুখ্যপৃষ্ঠা » খবৰ

» Corona

»Corona India Update : ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা । বিগত ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্ত হৈছে ১,১৪,৪৬০ গৰাকী।

Corona India Update : ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা । বিগত ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্ত হৈছে ১,১৪,৪৬০ গৰাকী।

News18 Assam | News18-Assam
Updated:June 6, 2021, 10:03 AM IST
Corona India Update : ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা । বিগত ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্ত হৈছে ১,১৪,৪৬০ গৰাকী।
২৪ ঘণ্টাত কোৰোণাত মৃত্যু হৈছে ২৬৭৭ গৰাকী লোক। দেশত কোৰণাত মুঠ মৃত্যু হৈছে ৩ লাখ ৪৬ হাজাৰ ৭৫৯ গৰাকীৰ।

২৪ ঘণ্টাত কোৰোণাত মৃত্যু হৈছে ২৬৭৭ গৰাকী লোক। দেশত কোৰণাত মুঠ মৃত্যু হৈছে ৩ লাখ ৪৬ হাজাৰ ৭৫৯ গৰাকীৰ।

  • Share this:
ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা । বিগত ২৪ ঘণ্টাত দেশত কোৰোণাত আক্ৰান্ত হৈছে ১ লাখ ১৪ হাজাৰ ৪৬০ গৰাকী লোক। ৬ এপ্ৰিলৰ পিছত দুই মাহৰ ভিতৰত সৰ্বনিম্ন আক্ৰান্তৰ সংখ্যা।

এই সময়ছোৱাত দেশত কোৰোণাত মৃত্যু হৈছে ২৬৭৭ গৰাকী লোক। এতিয়ালৈ দেশত কোৰণাত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৩ লাখ ৪৬ হাজাৰ ৭৫৯ গৰাকী।

যোৱা ২৪ ঘণ্টাত আৰোগ্য হৈছে ১ লাখ ৮৯ হাজাৰ ২৩২ গৰাকী কোৰোণা ৰোগী। এই মুহূৰ্তত দেশত সক্ৰিয় কোৰোণা ৰোগীৰ সংখ্যা হ্ৰাস পাই ১৪ লাখ হৈছে।

আনহাতে দেশত কোৰোণাৰ পৰীক্ষা কিছু হ্ৰাস পোৱা দেখা গৈছে। যোৱা ২৪ ঘণ্টাত দেশত ২০ লাখ ৩৬ হাজাৰ ৩১১টা পৰীক্ষা কৰোৱা হৈছে।
Published by: Manjumoni Borah
First published: June 6, 2021, 10:03 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি