স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা মতে, সোমবাৰে ভাৰতে লাভ কৰিলে চীনে দিয়া আটাইবোৰ PPE ছুট
স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা মতে, সোমবাৰে ভাৰতে লাভ কৰিলে চীনে দিয়া আটাইবোৰ PPE ছুট
সমগ্ৰ বিশ্বত এতিয়া কোৰোণা ভাইৰাছৰ সন্ত্ৰাস। কিন্তু লাহে লাহে চীনলৈ উভতি আহিছে স্বাভাৱিক জীৱন যাত্ৰা। চীনৰ পৰাই সংক্ৰমণ আৰম্ভ হোৱা কোৰোণা ভাইৰাছে এতিয়া ইটালী, আমেৰিকাৰ লগতে বিশ্বৰ আগশাৰীৰ দেশত চলাইছে তাণ্ডৱ। প্ৰত্যেকদিনাই কোৰোণাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে হাজাৰ হাজাৰ লোক।
ভাৰতবৰ্ষতো এতিয়া কোৰোণা ভাইৰাছৰ সন্ত্ৰাস। কিন্তু এতিয়া ভাৰতলৈ বিশেষ সহায়ৰ হাত আগবঢ়াইছে চীনে। কোৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ চীনে ভাৰতক প্ৰায় ১.৭০ লাখ PPE ছুট প্ৰদান কৰিছে। স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা মতে, আটাইবোৰ পি পি ই ছুট সোমবাৰে ভাৰত আহি পায়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|