মুখ্যপৃষ্ঠা »খবৰ »Corona »Corona Vaccination : কোৰোণাৰ প্ৰতিষেধকক লৈ নতুন নিৰ্দেশনা কেন্দ্ৰৰ। কোনে, কেতিয়া ল’ব পাৰিব প্ৰতিষেধক? চাওক সবিশেষ।

Corona Vaccination : কোৰোণাৰ প্ৰতিষেধকক লৈ নতুন নিৰ্দেশনা কেন্দ্ৰৰ। কোনে, কেতিয়া ল’ব পাৰিব প্ৰতিষেধক? চাওক সবিশেষ।

Covid-19ত আক্রান্ত হোৱাসকলে সুস্থ হোৱাৰ তিনি মাহৰ পাছত গ্ৰহণ কৰিব পাৰিব কোৰোণা ভেকচিন। ভেকচিন লোৱাৰ ১৪ দিনৰ পাছতহে ৰক্ত দান কৰিব পাৰিব।

Covid-19ত আক্রান্ত হোৱাসকলে সুস্থ হোৱাৰ তিনি মাহৰ পাছত গ্ৰহণ কৰিব পাৰিব কোৰোণা ভেকচিন। ভেকচিন লোৱাৰ ১৪ দিনৰ পাছতহে ৰক্ত দান কৰিব পাৰিব।

  • Share this:
Covid-19ৰ প্রতিষেধক প্রদানৰ ক্ষেত্রত কেন্দ্ৰই জাৰী কৰিছে নতুন  পৰামৰ্শ। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সচিবে পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যৰ মুখ্য সচিবলৈ।

নতুন পৰামৰ্শ সমূহৰ মতে Covid-19ত আক্রান্ত হোৱাসকলে সুস্থ হোৱাৰ তিনি মাহৰ পাছত গ্ৰহণ কৰিব পাৰিব কোৰোণা ভেকচিন।  Monoclonal Antibodies আৰু Convalescent Plasma লোৱা Covid-19ত আক্রান্ত লোক সকলে হস্পিতাল এৰাৰ তিনি মাহৰ পাছত গ্রহণ কৰিব ভেকচিন ।

প্ৰথম পালি ভেকচিন লৈ Covid-19ত আক্ৰান্ত হ’লে সুস্থ হোৱাৰ তিনি মাহৰ পাছত গ্ৰহণ কৰিব দ্বিতীয় পালি ভেকচিন ।

অন্য কোনো জটিল ৰোগত আক্রান্ত হৈ ICUত ভর্তি হৈ থকা লোকেও ৪-৮ সপ্তাহৰ অন্তত ভেকচিন গ্ৰহণ কৰিব ।

এজন ব্যক্তিয়ে ভেকচিন লোৱাৰ ১৪ দিনৰ পাছতহে ৰক্ত দান কৰিব পাৰিব। কোৰোণাত আক্রান্ত হোৱা জনেও নিগেটিভ (Negative) হোৱাৰ ১৪ দিনৰ পাছত ৰক্ত দান কৰিব লাগে ।

স্তনপান কৰাই থকা মহিলাই ভেকচিন ল’ব পাৰিব ।

ভেকচিন লোৱাৰ প্ৰকমুহূৰ্তত কোনো ব্যক্তিৰ Covid-19ৰ পৰীক্ষা কৰাৰ প্ৰয়োজন নাই বা নিগেটিভ ৰিপ’ৰ্ট দাখিল কৰাৰ প্ৰয়োজন নাই।

শেহতীয়া বাতৰি