২২ মাৰ্চৰ পৰা ভাৰতত বন্ধ সকলো আন্তঃৰাষ্ট্ৰীয় বিমানৰ অৱতৰণ, ৰে’লযাত্ৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা

News18 Assam | News18-Assam
Updated:March 19, 2020, 10:42 PM IST
২২ মাৰ্চৰ পৰা ভাৰতত বন্ধ সকলো আন্তঃৰাষ্ট্ৰীয় বিমানৰ অৱতৰণ, ৰে’লযাত্ৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা
২২ মাৰ্চৰ পৰা এসপ্তাহলৈকে দেশত বন্ধ থাকিব সকলো আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণ। 

২২ মাৰ্চৰ পৰা এসপ্তাহলৈকে দেশত বন্ধ থাকিব সকলো আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণ। 

  • Share this:
ভাৰতত কোৰোণা সংক্ৰমণ এতিয়া ষ্টেজ–২ত আছে। সৌভাগ্যৱশতঃ এতিয়াও দেশত কমিউনিটী সংক্ৰমণ হোৱা নাই। মুঠ ৮২৬জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে। এতিয়াও পৰিস্থিতি বেয়ালৈ ঢাল লোৱা নাই যদিও সাৱধানতা অৱলম্বনৰ আহ্বান কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰণালয়ৰ।

এতিয়া ভাৰতত আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণ বন্ধ কৰা হৈছে। আগন্তুক ২২মাৰ্চলৈকে এসপ্তাহ পৰ্যন্ত দেশত বন্ধ থাকিব আন্তঃৰাষ্ট্ৰীয় বিমান পৰিসেৱা। কেৱল বিমানেই নহয় ৰে’লযাত্ৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা কৰিছে কেন্দ্ৰই। ১০বছৰৰ তলৰ শিশুক ঘৰতে ৰখাৰ পৰামৰ্শ। আনহাতে ৬৫বছৰ বয়সৰ উৰ্ধৰ বয়োবৃদ্ধসকলকো ঘৰতে থকাৰ পৰামৰ্শ দিয়া হৈছে।

বিদেশৰ পৰা অহা ব্যক্তি বা তেওঁলোকৰ সংস্পৰ্শলৈ অহা ব্যক্তিহে এই পৰ্যন্ত কোৰোণাত আক্ৰান্ত হৈছে। ভাৰতত কোৰোণা ভাইৰাছ বৰ্তমান দ্বিতীয় স্তৰত। তৃতীয় পৰ্যায়ত সাধাৰণ লোকৰ মাজত সংক্ৰমণৰ আশংকা অধিক কৰা হৈছে। সেই কাৰণে বন্ধ কৰি দিয়া হৈছে আন্তঃৰাষ্ট্ৰীয় উৰণ। ২২ মাৰ্চৰ পৰা ভাৰতৰ মাটিত অৱতৰণ কৰিব নোৱাৰিব বিদেশৰ পৰা অহা কোনো বিমান। 

বেচৰকাৰী ক্ষেত্ৰত ইতিমধ্যেই বিভিন্ন অফিচত ‘ৱৰ্ক ফ্ৰম হোম’ আৰম্ভ হৈছে। সকলো ৰাজ্যতেই কৰ্মীসকলৰ মাজত ‘ৱৰ্ক ফ্ৰম হোম’ কৰাৰ কাৰণে বেচৰকাৰী সংস্থাসমূহক আহ্বান কৰা হৈছে।
Published by: Tulika Devi
First published: March 19, 2020, 10:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading