মুখ্যপৃষ্ঠা » খবৰ

» Corona

»বিচনা, ঔষধ, অক্সিজেনৰ অভাৱ! তাৰ মাজতেই মঙলবাৰে ক'ৰোনাত আক্ৰান্ত ২.৯৪ লাখ।

বিচনা, ঔষধ, অক্সিজেনৰ অভাৱ! তাৰ মাজতেই মঙলবাৰে ক'ৰোনাত আক্ৰান্ত ২.৯৪ লাখ।

News18 Assam | News18-Assam
Updated:April 21, 2021, 9:31 AM IST
বিচনা, ঔষধ, অক্সিজেনৰ অভাৱ! তাৰ মাজতেই মঙলবাৰে ক'ৰোনাত আক্ৰান্ত ২.৯৪ লাখ।
Source-Google

দেশখনত মঙলবাৰে ২.৯৪ লাখ লোক ক'ৰোনাত আক্ৰান্ত হয়। বিগত ২৪ ঘণ্টাত ২০২০ জন ৰোগীৰ মৃত্যু হয়।

  • Share this:
ভাৰতত ক'ৰোনা ভাইৰাছে বিচনা, ঔষধ আৰু অক্সিজেনৰ অভাৱৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। কৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌয়ে দেশত প্ৰথমবাৰৰ বাবে প্ৰায় ৩ লোক ৰোগী কঢ়িয়াই আনিছে। দেশখনত মঙলবাৰে ২.৯৪ লাখ লোক ক'ৰোনাত আক্ৰান্ত হয়। বিগত ২৪ ঘণ্টাত ২০২০ জন ৰোগীৰ মৃত্যু হয়।

ক'ৰোনাই এতিয়ালৈকে ১.৫৬ কোটি লোকক সংক্ৰমিত কৰিছে। এতিয়ালৈকে ১.৩২ কোটি লোক এই ভাইৰাছ সংক্ৰমণৰ পৰা আৰোগ্য হৈছে। মৃত্যুৰ সংখ্যাই ১.৮২ লাখ অতিক্ৰম কৰিছে। বৰ্তমান চিকিৎসাধীন ৰোগীৰ মুঠ সংখ্যা হৈছে ২১.৫০ লাখ।

প্ৰতিদিনে হোৱা মৃত্যুৰ ক্ষেত্ৰত ভাৰত আকৌ এবাৰ শীৰ্ষত উপনীত হৈছে। দ্বিতীয়ত আছে ব্ৰাজিল আৰু তৃতীয়ত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। ব্ৰাজিলত বৰ্তমান প্ৰতিদিনে প্ৰায় ১৫০০ লোকৰ মৃত্যু হৈছে, আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰত এই সংখ্যা ৪০০-৬০০ ৰ ভিতৰত আছে। ভাৰতত মঙলবাৰে ২০২০জন লোকৰ মৃত্যু নথিভুক্ত হয়।
Published by: Kokil Sarma
First published: April 21, 2021, 9:31 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি