কোভিড চিকিৎসাৰ পৰা অৱশেষত বাদ দিয়া হ'ল প্লাজমা থেৰাপী (Plasma Therapy)। কোভিড চিকিৎসাত কনভালচেণ্ট প্লাজমা থেৰাপী (Convalescent Plasma Therapy) কাৰ্যকৰী নহয় বুলি শেহতীয়াকৈ পতিয়ন যোৱাৰ পিছত এই ঘোষণা কৰা হয়।
ICMR, AIIMS, Covid 19ৰ ৰাষ্ট্ৰীয় টাস্ক ফোৰ্চ (Covid-19 National Task Force) আৰু কেন্দ্ৰীয় স্ৱাস্থ্য মন্ত্ৰালয়ে (Health Ministry) এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
ICMRৰ বিশেষজ্ঞ পেনেলৰ মতে প্লাজমা থেৰাপীৰ দ্বাৰা জটিল কোভিড ৰোগীৰ নিৰাময় অথবা মৃত্যু ৰোধৰ ক্ষেত্ৰত বিশেষ উপকাৰিতা পোৱা হোৱা নাই। প্লাজমা থেৰাপীক লৈ কৰা পৰ্যবেক্ষণৰ পিছত লাভ কৰা পৰসংখ্যা মতে কনভালচেণ্ট প্লাজমা (convalescent plasma) থেৰাপী কোভিড চিকিৎসাৰ ক্ষেত্ৰত সহায়কাৰী হোৱা নাই।
উল্লেখ্য কোভিড মাহামৰীৰ আৰম্ভণিৰে পৰা জটিল কোৰোণা ৰোগীৰ ক্ষেত্ৰত কনভালচেণ্ট প্লাজমা থেৰাপীৰ অনুমোদন দিছিল চৰকাৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|