লাহে লাহে দেখা গৈছে লকডাউনৰ প্ৰভাৱ, দ্ৰুতগতিত বৃদ্ধি পোৱা নাই আক্ৰান্তৰ সংখ্যা

News18 Assam | News18-Assam
Updated:March 26, 2020, 9:51 AM IST
লাহে লাহে দেখা গৈছে লকডাউনৰ প্ৰভাৱ, দ্ৰুতগতিত বৃদ্ধি পোৱা নাই আক্ৰান্তৰ সংখ্যা
১০ দিনৰ ভিতৰত পৰিষ্কাৰ হৈ পৰিব প্ৰকৃত ছবিখন।

১০ দিনৰ ভিতৰত পৰিষ্কাৰ হৈ পৰিব প্ৰকৃত ছবিখন।

  • Share this:
ভাৰতত কোৰোণা ভাইৰাছৰ বাবে ঘোষণা কৰা ২১ দিনীয়া লকডাউনৰ আজি দ্বিতীয় দিন। স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি, ছচিয়েল ডিছটেন্সিঙৰ প্ৰভাৱ লাহে লাহে পৰা দেখা গৈছে আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা নাই নতুন ৰোগীৰ সংখ্যা। গুৰুত্বপূৰ্ণ কথাটো হ’ল ভাৰতত মৃত্যুৰ সংখ্যাও বিশ্বৰ আন দেশৰ তুলনাত দ্ৰুতগতিত ঊৰ্ধ্বগামী হোৱা নাই। সূত্ৰ অনুসৰি, ১০ দিনৰ ভিতৰত পৰিষ্কাৰ হৈ পৰিব প্ৰকৃত ছবিখন।

সূত্ৰ অনুসৰি, ভাৰতত আক্ৰান্ত ৰোগীৰ সংখ্যা এইবাবে দ্ৰুতগতিত বৃদ্ধি পোৱা নাই, কিয়নো ভাৰতত সংক্ৰামক ৰোগ প্ৰবন্ধন অতি কঠোৰ। আমেৰিকা আৰু ইটালীত এনে নহয়। ভাৰতে বিগত কেইবাবছৰো ধৰি সংক্ৰামক ৰোগ শেষ কৰাৰ বাবে জোৰ দিছে। যাৰ ফল আজি দেশে পাইছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি