মুখ্যপৃষ্ঠা »খবৰ »Corona »Remdesivir in curing Covid-19 : কোভিড চিকিৎসাৰ পৰা বাদ পৰিব নেকি ৰেমডিছিভিৰ ইনজেকচন? প্লাজমা থেৰাপী বাতিলৰ পিছত ৰেমডিছিভিৰক লৈ বিতৰ্ক!

Remdesivir in curing Covid-19 : কোভিড চিকিৎসাৰ পৰা বাদ পৰিব নেকি ৰেমডিছিভিৰ ইনজেকচন? প্লাজমা থেৰাপী বাতিলৰ পিছত ৰেমডিছিভিৰক লৈ বিতৰ্ক!

কোৰোণা চিকিৎসাত ৰেমডিছিভিৰৰ কাৰ্যকাৰীতাক লৈ বিতৰ্ক। ৰেমডিছিভিৰ ইনজেকচনে কোভিড ১৯ নিৰাময়ত কোনো ভূমিকা পালন নকৰে : ডি এছ ৰাণা (Dr DS Rana), গংগাৰাম হাস্পতাল, দিল্লী

কোৰোণা চিকিৎসাত ৰেমডিছিভিৰৰ কাৰ্যকাৰীতাক লৈ বিতৰ্ক। ৰেমডিছিভিৰ ইনজেকচনে কোভিড ১৯ নিৰাময়ত কোনো ভূমিকা পালন নকৰে : ডি এছ ৰাণা (Dr DS Rana), গংগাৰাম হাস্পতাল, দিল্লী

  • Share this:
প্লাজমা থেৰাপীৰ পিছত এইবাৰ ৰেমডিছিভিৰৰ পাল নেকি?

কোৰোণাত আক্ৰান্ত হৈ থকা জটিল ৰোগীৰ চিকিৎসাৰ বাবে দিন-ৰাতি একাকাৰ কৰি শাৰী পাতি থাকিবলগীয়া হৈছে ৰোগীৰ আত্মীয়ই। এটা ৰেমডিছিভিৰ বেজী পালেই যেন প্ৰাণ ৰক্ষা পৰিব এজন লোকৰ। বহতেই ৰেমডিছিভিৰ বিচাৰি ছচিয়েল মিডিয়াটো হাহাকাৰ কৰিবলগীয়া হৈছে। বহুতৰ অভিযোগ, ৰাজনৈতিক নেতা আৰু ধনৱানসকলে ৰেমডিছিভিৰ বেজী নিজৰ কাৰণে মজুত ৰাখিছে।

ৰেমডিছিভিৰক লৈ দেশজুৰি এনে ব্য়স্ততা আৰু চৰ্চাৰ মাজতে এক বাতৰিয়ে নতুন বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। কোভিড চিকিৎসা প্ৰ'ট'কলৰ পৰা বাদ পৰিব নেকি ৰেমডিছিভিৰ ইনজেকচন?

বিশেষজ্ঞই মত প্ৰকাশ কৰিছে যে কোভিড ১৯ৰ চিকিৎসাৰ ক্ষেত্ৰত ৰেমডিছিভিৰ ইনজেকচন বিশেষ কোনো কাৰ্যকৰী নহয়। বিগত সময়ছোৱাত কৰা পাৰিসংখ্যিক অধ্যয়নৰ পাছত দেখা গৈছে যে ৰেমডিছিভিৰ ইনজেকচনে কোভিড ১৯ নিৰাময়ত কোনো ভূমিকা পালন নকৰে।

উল্লেখ্য যে ৰেমডিছিভিৰক যদিও কোৰোণাৰ চিকিৎসাৰ বাবে ভাৰত চৰকাৰে অনুমোদন দিছিল। অতি দামী এই বেজীটো সুলভ কৰিবলৈ ভাৰত চৰকাৰে ইয়াৰ দাম কমাই ১০০০ টকা নিৰ্ধাৰণ কৰি দিছিল। আনকি ইয়াৰ উৎপাদন বৃদ্ধি কৰিবলৈও নিৰ্দেশ দিছিল কোম্পানীসমূহক। কিন্তু এই বেজীটো প্ৰকৃততে কোৰোণাৰ ঔষধ নহয়। ভাৰতৰ লগতে আন আন দেশতো ইয়াৰ ব্যৱহাৰ কৰা হৈছে কোৰোণাৰ চিকিৎসাত। অৱশ্যে বিশ্ৱ স্ৱাস্থ্য সংস্থাই যোৱা নৱেম্বৰ মাহতে এই কথা স্পষ্টকৈ  ঘোষণা কৰি দিছিল।

শেহতীয়কৈ ভাৰতৰো বহু বিশেষজ্ঞই অনুৰূপ মত প্ৰকাশ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰে বিষয়টো গুৰুত্ৱসহকাৰে বিবেচনা কৰি আছে।

উল্লেখ্য যে শেহতীয়াকৈ কোভিড নিৰাময়ত কোনো ভূমিকা নাই বুলি ভাৰত চৰকাৰে কোভিড চিকিৎসা প্ৰ'ট'কলৰ পৰা বাতিল কৰিছে প্লাজমা থেৰাপী। বিগত প্ৰায় ডেৰ বছৰে এই প্লাজমা খেৰাপীৰ নামত হাহাকাৰ কৰিছিল কোভিড ৰোগীৰ পৰিয়ালে। এতিয়া ৰেমডিছিভিৰৰ ক্ষেত্ৰটো একেই পৰিণতি হ'ব নেকি?

দিল্লীৰ গংগাৰাম হাস্পতালৰ চিকিৎসক ডি এছ ৰাণা (Dr DS Rana)ই ৰেমডিছিভিৰৰ কোৰোণা চিকিৎসাত কোনো কাম নাই আৰু সেয়ে ইয়াক কোৰোণা চিকিৎসাৰ পৰা বাদ দিব লাগে বুলি মন্তব্য কৰা পিছতে আৰম্ভ হৈছে বিতৰ্ক।

শেহতীয়া বাতৰি