জনতাৰ লগতে ভাৰতত কোৰোণাত প্ৰাণ ত্যাগ কৰিব লগা হৈছে দেশৰ চিকিৎসকসকলো।ইণ্ডিয়ান মেডিকেল এছ'চিয়েচন (IMA)ৰ শেহতীয়া তথ্য অনুসৰি চলিত কোভিডৰ দ্বিতীয় ঢৌত মুঠ ৬৪৬গৰাকী চিকিৎসকৰ মৃত্যু হৈছে ভাৰতত। এইক্ষেত্ৰত দিল্লীত সৰ্বাধিক ১০৯গৰাকী চিকিৎসকৰ মৃত্যু হৈছে। ইয়াৰ পিছতে বিহাৰত ৯৭, উত্তৰ প্ৰদেশত ৭৯, ৰাজস্থানত ৪৩, গুজৰাটত ৩৭, অন্ধ্ৰপ্ৰদেশত ৩৫, ঝাৰখণ্ডত ৩৯, মহাৰাষ্ট্ৰ আৰু ওড়িশাত ২৩গৰাকীকৈ, তামিলনাডুত ৩২, তেলেংগানাত ৩৪, পশ্চিমবংগত ৩০ আৰু মধ্যপ্ৰদেশত ১৬গৰাকীকৈ চিকিৎসকে মৃত্যুবৰণ কৰে।
ইয়াৰ লগতে বাকী ৰাজ্যসমূহতো একক সংখ্যাৰ ঘৰত চিকিৎসকৰ মৃত্যু হয়। অসমত মুঠ ৮গৰাকী চিকিৎসকে কোভিড যুদ্ধত প্ৰাণ হেৰুৱায়। ২৬খন ৰাজ্যত মুঠ ৬৪৬গৰাকী চিকিৎসকে মৃত্যুবৰণ কৰে দেশজুৰি। ইণ্ডিয়ান মেডিকেল এছচিয়েচনৰ তথ্য অনুসৰি বিগত বৰ্ষত অৰ্থাৎ কোৰোণাৰ প্ৰথম ঢৌত মুঠ ৭৪৮গৰাকী চিকিৎসকৰ মৃত্যু হৈছিল।
আনহাতে ভাৰতত কোভিডৰ সংক্ৰমণ বহুখিনি হ্ৰাস পাইছে। দেশখনত শুক্ৰবাৰৰ তুলনাত ১১,৮৩৫টা কম কোভিড সংক্ৰমণৰ ঘটনা আজি নথিভুক্ত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি কালিৰ ১,৩২,৩৬৪টা ঘটনাৰ পৰিৱৰ্তে আজি ১,২০,৫২৯টা নতুন কোভিড সংক্ৰমণ নথিভুক্ত হয়। ইয়াৰ লগতে যোৱা ২৪ ঘণ্টাত কোভিডৰ সক্ৰিয় ঘটনা ৮০,৭৪৫ লৈ হ্ৰাস হৈছে। বৰ্তমানলৈ ভাৰতৰ কোভিডৰ পৰা সুস্থ হৈছে ২,৬৭,৯৫,৫৪৯গৰাকীয়ে আৰু শতাংশ হিচাপত এয়া হৈছে ৯৩.৩৮।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|