‘ল’ক ডাউনৰ সময়ত হোৱা সমস্যাৰ বাবে ক্ষমা বিচাৰিছো, কিন্তু অন্য উপায়ো একো নাই’

ল’ক ডাউনৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’।
ল’ক ডাউনৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’।
- News18 Assam
- Last Updated: March 29, 2020, 2:27 PM IST
এতিয়া সকলোৱে ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ সময়। ক’ৰোণাক প্ৰতিহত কৰিবলৈ দেশত এতিয়া ল’ক ডাউন ঘোষণা কৰা হৈছে। যাৰ ফলত কিছু সমস্যাত পৰিছে দেশৰ নিম্ন মধ্যবিত্ত আৰু দিন হাজিৰা কৰা লোকসকল।’ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’অনুষ্ঠানৰ জৰিয়তে সেই লোকসকলৰ ওচৰত ক্ষমা বিচাৰে।
মন কী বাতত প্ৰধানমন্ত্ৰীগৰাকীৰ কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য–
২. ল’ক ডাইনৰ সময়ত হোৱা সমস্যাৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছো। ক’ৰোণা ভাইৰাছৰ প্ৰকোপ বৃদ্ধি পোৱাৰ আগতেই ইয়াক প্ৰতিৰোধ নকৰিলে পৰিস্থিতি ভয়ংকৰ হ’ব।
৩. ক’ৰোণাই এতিয়া সকলোকে প্ৰত্যাহ্বান জনাইছে। মানৱ জাতিৰ ওপৰত ভাবুকি হৈ পৰিছে ক’ৰোণা ভাইৰাছ। এতিয়া এই ভাইৰাছ ধ্বংস কৰাৰ সংকল্প লৈ আগবাঢ়িব লাগিব।
৪. এতিয়া আমি কেইদিনমান ধৈয্য ধৰিব লাগিব। লক্ষ্মণ ৰেখা মানি চলক সকলোৱে।
৬. বৰ্তমান বহু চিকিৎসক, নাৰ্চে, স্বাস্থ্য বিভাগৰ কৰ্মীয়ে ক’ৰোণাক পৰাস্ত কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলাইছে। তেওঁলোক সকলোৰে বাবে প্ৰেৰণা।