‘মোৰ একো হোৱা নাই’: কৰোণাৰ লক্ষণ লৈ ডুবাইৰ পৰা উভতি অহা ব্যক্তিৰ হাস্পতাল ষ্টাফৰ সৈতে কাজিয়া, হাস্পতালৰ পৰা পলায়ন

News18 Assam | News18-Assam
Updated:March 9, 2020, 2:55 PM IST
‘মোৰ একো হোৱা নাই’: কৰোণাৰ লক্ষণ লৈ ডুবাইৰ পৰা উভতি অহা ব্যক্তিৰ হাস্পতাল ষ্টাফৰ সৈতে কাজিয়া, হাস্পতালৰ পৰা পলায়ন
দেওবাৰে ব্যক্তিজন ভাৰতত উপস্থিত হৈছিল।

দেওবাৰে ব্যক্তিজন ভাৰতত উপস্থিত হৈছিল।

  • Share this:
ডুবাইৰ পৰা কৰোণা ভাইৰাছৰ লক্ষণ লৈ মাংগালুৰুলৈ উভতি অহা এজন ব্যক্তি হাস্পতালৰ পৰা সন্ধানহীন হৈছে। ব্যক্তিজনৰ শৰীৰত কৰোণা ভাইৰাছৰ লক্ষণ পোৱাৰ পিছতে তেওঁক আইছ’লেচন ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল।

দেও‍বাৰে ভাৰতত আহি পোৱা ব্যক্তিজনক জিলাৰ ৱেনলক হাস্পতালত তীব্ৰ জ্বৰ আৰু কৰোণা ভাইৰাছৰ কিছু লক্ষণৰ কাৰণে ভৰ্তি কৰোৱা হৈছিল।

হাস্পতাল ষ্টাফৰ সৈতে ব্যক্তিজনে তৰ্কাতৰ্কিত লিপ্ত হয় যে তেওঁ ভাইৰাছৰ সংস্পৰ্শলৈ অহা নাই আৰু তেওঁ ব্যক্তিগত হাস্পতালতহে চিকিৎসা কৰোৱাব।

ব্যক্তিজন সন্ধানহীন হোৱাৰ পিছতে স্বাস্থ্য বিষয়াজনে আৰক্ষীক ফোন কৰি জনোৱাৰ পিছতে হোৱা–দোৱা লাগে। উপকূলীয় জিলাকেইখনত ‘পলাতক’ ব্যক্তিজনক লৈ হাই এলাৰ্ট জাৰি কৰা হৈছে।

দক্ষিণ কানাড়া জিলাৰ স্বাস্থ্য বিষয়া চিকন্দৰ পাছাই ইয়াৰ আগতে কৈছিল যে ব্যক্তিজনক ২৪ঘণ্টা তত্বাৱধানত ৰাখি চেক আপৰ পিছত ৰিলিজ কৰা হ’ব।

জিলা স্বাস্থ্য বিভাগে সোমবাৰে মেংগালুৰু আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Published by: Tulika Devi
First published: March 9, 2020, 2:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading