কোৰোণাৰ দুয়োটা ড'জ গ্ৰহণ কৰাসকলে বিমান যাত্ৰাত লাভ কৰিব বিশেষ সুবিধা ! কেনেকৈ ? জানক সবিশেষ ...

News18 Assam | News18-Assam
Updated:June 8, 2021, 6:07 PM IST
কোৰোণাৰ দুয়োটা ড'জ গ্ৰহণ কৰাসকলে বিমান যাত্ৰাত লাভ কৰিব বিশেষ সুবিধা ! কেনেকৈ ? জানক সবিশেষ ...
(Photo: Getty Images)

ঘৰুৱা বিমান সেৱাই কেন্দ্ৰীয় চৰকাৰক ৰাজ্য চৰকাৰে সম্পূৰ্ণৰূপে টীকাকৰণ কৰালোকক কোভিড নিগেটিভ ৰিপোৰ্ট অবিহনেই ভ্ৰমণ কৰিবলৈ অনুমতি দিব লাগে বুলি দাবী জনাইছে।

  • Share this:
কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌ সংহাৰ কিছুক্ষেত্ৰত হ্ৰাস পোৱাৰ লগে লগে লকডাউনৰ প্ৰক্ৰিয়া লাহে লাহে শিথিল হোৱা আৰম্ভ হৈছে । ৰাজধানী দিল্লীকে ধৰি কেইবাখনো ৰাজ্যত কিছুমান বিশেষ চৰ্ত সাপেক্ষে আনলক প্ৰক্ৰিয়া আৰম্ভ হৈছে । ইয়াৰ মাজতো বহু ৰাজ্যই আন ৰাজ্যৰ পৰা অহা লোকসকলৰ পৰা কোৰোণাৰ নিগেটিভ ৰিপোৰ্ট বিচৰা কাৰ্য অব্যাহত ৰাখিছে ।

তেনেস্থলত কেন্দ্ৰীয় চৰকাৰে কোভিড ভেকছিনৰ দুয়োটা ড'জ গ্ৰহণ কৰা লোকসকলৰ বাবে বিশেষ ব্যৱস্থা প্ৰস্তুত কৰাৰ বাবে কাম কৰি আছে । ইয়াৰ অধীনত যদি এজন ব্যক্তিয়ে কোৰোণা ভেকছিনৰ দুয়োটা ড'জ গ্ৰহণ কৰিছে, তেন্তে তেওঁ কোভিড নিগেটিভ ৰিপোৰ্ট অবিহনেই দেশৰ ভিতৰত ভ্ৰমণ কৰিব পাৰিব। কেন্দ্ৰই অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়কে ধৰি সকলো অংশীদাৰৰ সৈতে বিষয়টোক লৈ আলোচনা অব্যাহত ৰাখিছে।

ৰাজ্যসমূহৰ নিয়মৰ ফলত ব্যাহত হৈ পৰিছে বিমান ভ্ৰমণত -

কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৰ সময়তে ওড়িশা, মেঘালয় আৰু মহাৰাষ্ট্ৰকে ধৰি কেইবাখনো ৰাজ্যই আন ৰাজ্যৰ পৰা অহা লোকসকলৰ পৰা কোভিড নিগেটিভ ৰিপোৰ্ট বিচাৰি আছে । এনে পৰিস্থিতিত ঘৰুৱা বিমান সেৱাই কেন্দ্ৰীয় চৰকাৰক জনায় যে ৰাজ্যিক পৰ্যায়ৰ নিয়মে বিমান ভ্ৰমণৰ মসৃণতাত বাধা প্ৰদান কৰিছে। লগতে যি সকল লোকে সম্পূৰ্ণৰূপে টীকাকৰণ কৰিছে তেওঁলোকক কোভিড নিগেটিভ ৰিপোৰ্ট অবিহনেই ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া হ'ব লাগে বুলিও দাবী কৰা হৈছে ।

এতিয়ালৈকে ৪.৪৮ কোটি লোকে দুয়োটা ড'জ গ্ৰহণ কৰিছে -

স্বাস্থ্যৰ বিষয়টো ৰাজ্য চৰকাৰৰ বিষয় হোৱাৰ বাবেই কেন্দ্ৰই ৰাজ্য চৰকাৰৰ সৈতে এই বিষয়টো আলোচনা কৰি আছে যাতে ঘৰুৱা বিমান যাত্ৰীসকলে কোভিড১৯ ভেকছিনৰ দুয়োটা ড'জ গ্ৰহণ কৰি পৰীক্ষাৰ ৰিপোৰ্ট অবিহনে ভ্ৰমণ কৰিব পাৰে।

লক্ষ্যণীয় যে, ভাৰতত এতিয়ালৈকে ২২.৮ কোটি কোৰোণা ভেকছিন প্ৰদান কৰা হৈছে। দেশৰ ১০০ কোটি লোকক সম্পূৰ্ণৰূপে টিকাকৰণ কৰিবলৈ ২০০ কোটি ভেকছিন ড'জৰ প্ৰয়োজন হ'ব। এতিয়ালৈকে, দেশৰ মুঠ জনসংখ্যাৰ ৪.৪৮ কোটি লোককহে দুয়োটা ড'জৰ টিকাকৰণ কৰা হৈছে।

(https://hindi.news18.com/news/business/if-you-have-got-both-doses-of-corona-vaccine-then-you-would-get-special-facility-in-air-travel-know-details-achs-3613769.html)
Published by: Manjumoni Borah
First published: June 8, 2021, 1:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি