• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • Covidক পৰাস্ত কৰা দেশৰ আটাইতকৈ বৃদ্ধ ব‍্যক্তি হিচাপে পৰিগণিত হ'ল হায়দৰাবাদৰ এজন ১১০ বছৰীয়া ব‍্যক্তি

Covidক পৰাস্ত কৰা দেশৰ আটাইতকৈ বৃদ্ধ ব‍্যক্তি হিচাপে পৰিগণিত হ'ল হায়দৰাবাদৰ এজন ১১০ বছৰীয়া ব‍্যক্তি

(Credit: YouTube)

(Credit: YouTube)

হায়দৰাবাদ (Hyderabad)ৰ গান্ধী হাস্পতালৰ বিষয়াসকলে কয় যে ৰামানন্দ তীৰ্থ (Ramananda Teertha) সম্ভৱতঃ দেশৰ আটাইতকৈ বৃদ্ধ ব্যক্তি, যিয়ে কোভিড-১৯ক পৰাস্ত কৰিছে।

  • Share this:
হায়দৰাবাদ (Hyderabad)ৰ গান্ধী হাস্পতালৰ বিষয়াসকলে কয় যে ৰামানন্দ তীৰ্থ (Ramananda Teertha) সম্ভৱতঃ দেশৰ আটাইতকৈ বৃদ্ধ ব্যক্তি, যিয়ে কোভিড-১৯ক পৰাস্ত কৰিছে। ১১০ বছৰীয়া তীৰ্থক ২৪ এপ্ৰিলত চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ মজলীয়া কোভিডৰ লক্ষণ (Moderate covid symptoms)দেখা গৈছিল।

পুৰোহিত তীৰ্থই তেলেংগানাৰ কিচাৰাৰ এখন আশ্ৰমত থাকে আৰু তেওঁৰ কোনো comorbidities নাই। চিকিৎসকসকলে কৈছে যে তেওঁলোকে তীৰ্থক পৰ্যবেক্ষণ কৰিবলৈ আৰু কেইদিনমান চিকিৎসালয়ত ৰাখিব। তেওঁক সোনকালেই নন-অক্সিজেন বেডলৈ স্থানান্তৰ কৰা হ'ব আৰু তৰল আহাৰ গ্ৰহণ কৰিবলৈ দিয়া হ'ব।

গান্ধী চিকিৎসালয়ৰ অধীক্ষক এম ৰাজা ৰাৱে কয়, "১১০ বছৰীয়া তীৰ্থই আমাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ কোভিড-১৯ ৰ পৰা আৰোগ্য লাভ কৰে।"
চিকিৎসালয়ৰ দ্বাৰা মুকলি কৰা এটা ভিডিঅ'ত, চিকিৎসালয়ৰ বিচনাত শুই থকা তীৰ্থক চিকিৎসকসকলৰ প্ৰশ্নৰ উত্তৰ দিয়া দেখা যায়। তেওঁ কয় যে কেইবছৰমান আগতে তেওঁ ভৰিৰ অস্ত্ৰোপচাৰৰ বাবে গান্ধী চিকিৎসালয়লৈ আহিছিল। তীৰ্থই প্ৰায় দুটা দশক হিমালয়ত অতিবাহিত কৰিছিল বুলি কয়।

বৃদ্ধসকলৰ বাবে আৰোগ্য লাভ কঠিন বুলি গণ্য কৰা হয় যদিও তীৰ্থই কোভিডৰ যুঁজত জয়ী হৈছে। কেন্দ্ৰীয় চৰকাৰৰ মতে, মাৰ্চ ২০২১ লৈকে, কোভিড-১৯ৰ ফলত মৃত্যু হোৱা প্ৰায় ৮৮ শতাংশ লোকৰ বয়স ৪৫ বছৰ বা তাতকৈ বেছি আছিল। ৬৫ বছৰৰ তলৰ বয়সৰ লোকসকলৰ তুলনাত বৃদ্ধসকলৰ পুনৰ সংক্ৰমিত হোৱাৰ সম্ভাৱনা অধিক।
অৱশ্যে, বিশেষজ্ঞসকলৰ মতে, সোনকালে চিকিৎসালয়ত ভৰ্তি কৰোৱা কাৰণে যথেষ্ট সংখ্যক বৃদ্ধ লোকো আৰোগ্য লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্যই সূচায় যে এপ্ৰিললৈকে বেছিভাগ কোভিডৰ ঘটনা ১৫ৰ পৰা ৪৪ বছৰ বয়সৰ কম বয়সীয়া লোকৰ মাজত আছে। ২ লাখতকৈও অধিক লোকৰ মৃত্যুৰ সৈতে, ভাৰতে বৰ্তমান এক জটিল সময়ৰ সন্মুখীন হৈছে। বিশেষজ্ঞসকলৰ মতে এই সংখ্যা হ্ৰাস হোৱাৰ প্ৰক্ৰিয়াটো দীঘলীয়া হ'ব পাৰে।
Published by:Kokil Sarma
First published: