• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • Safety In Work Place : ক'ৰোনাকালীন এই সময়ত অফিচত কেনেদৰে নিজকে সুৰক্ষিত কৰি ৰাখিব? মানি চলক এইকেইটা নিয়ম...

Safety In Work Place : ক'ৰোনাকালীন এই সময়ত অফিচত কেনেদৰে নিজকে সুৰক্ষিত কৰি ৰাখিব? মানি চলক এইকেইটা নিয়ম...

কোভিডৰ সংহাৰৰ বাবে চৰকাৰে কৰ্মস্থলীত কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰিছে যদিও এইসময়ছোৱাত কাৰ্যালয়লৈ যোৱা লোকসকলে ল'ব লাগিব তেওঁলোকৰ স্বাস্থ্যৰ লগতে সুৰক্ষাৰ যতন ।

কোভিডৰ সংহাৰৰ বাবে চৰকাৰে কৰ্মস্থলীত কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰিছে যদিও এইসময়ছোৱাত কাৰ্যালয়লৈ যোৱা লোকসকলে ল'ব লাগিব তেওঁলোকৰ স্বাস্থ্যৰ লগতে সুৰক্ষাৰ যতন ।

কোভিডৰ সংহাৰৰ বাবে চৰকাৰে কৰ্মস্থলীত কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰিছে যদিও এইসময়ছোৱাত কাৰ্যালয়লৈ যোৱা লোকসকলে ল'ব লাগিব তেওঁলোকৰ স্বাস্থ্যৰ লগতে সুৰক্ষাৰ যতন ।

  • Share this:
সমগ্ৰ দেশতে কোৰোণা ভাইৰাছৰ বৰ্ধিত ঘটনাই চিন্তিত কৰি তুলিছে দেশবাসীক । কোৰোণাৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি বহু ঠাইত লকডাউন ঘোষণা কৰাৰ হৈছে ।
তেনেস্থলত ঘৰত থাকি সকলোকে কোভিডৰ নীতি-নিয়ম মানি চলাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰিবলৈ বিভিন্ন ধৰণৰ স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিবলৈও আহ্বান জনোৱা হৈছে । কিন্তু ইয়াৰ মাজতে এনে বহু লোক আছে যি কামলৈ বুলি ওলাই যাবলগীয়া হয় । এই সময়ছোৱাত চৰকাৰে কৰ্মস্থলীত কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰিছে যদিও যিসকল লোক কাৰ্যালয়লৈ যাবলগীয়া হৈছে তেওঁলোকে নিজৰ স্বাস্থ্যৰ লগতে সুৰক্ষাৰ যতন লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে । সেয়েহে জানি লওক কোৰোণা কালত কাৰ্যালয়লৈ যোৱাৰ সময়ত আপুনি কি কি নীতি নিয়ম মানি চলিব ...

ৰুগীয়া কৰ্মচাৰীসকলে কাৰ্যালয়লৈ নাযাব -
শাৰীৰিক অসুস্থতাৰ কোনো লক্ষণ থাকিলে কাৰ্যালয়লৈ যোৱা অনুচিত । সম্পূৰ্ণৰূপে সুস্থ হৈ উঠাৰ পিছতহে কাৰ্যালয়লৈ যাব ।

প্ৰতিগৰাকী কৰ্মচাৰীৰ ওপৰত নজৰ ৰাখিব-
কাৰ্যালয়লৈ অহা কৰ্মচাৰীসকলৰ ওপৰত কাৰ্যালয় প্ৰবন্ধকে নজৰ ৰখা উচিত । কাঁহ, চৰ্দিৰ লগতে উশাহ লোৱাত অসুবিধাৰ সন্মুখীন হোৱা কৰ্মচাৰীক লগে লগে ঘৰলৈ যাব দিব লাগে । লগতে কৰ্মচাৰীগৰাকীৰ সম্পৰ্কত অহা লোকসকলকো ঘৰলৈ যাব দিয়া উচিত আৰু ভালদৰে অফিচটো চেনিটাইজ কৰা উচিত ।

কৰ্মচাৰীসকলক সজাগ কৰিব লাগিব-

কাৰ্যালয়ৰ প্ৰবন্ধকে কৰ্মচাৰীসকলক সকলো ধৰণৰ পৰিচ্ছন্নতা আৰু শ্বাস-প্ৰশ্বাসৰ বিষয়ে অৱগত কৰিব লাগে । কৰ্মচাৰীসকললৈ ই-মেইল প্ৰেৰণ কৰা, কাৰ্যালয়ত পোষ্টাৰ লগোৱাৰ লগতে কৰ্মচাৰীসকলে কাৰ্যালয়ত কেনেদৰে নিজকে সুৰক্ষিত কৰি ৰাখিব লাগে তাৰ ভিডিঅ' স্ক্ৰীণত চলাই ৰাখিব লাগে । কাৰ্যালয়ত টিচ্যু পেপাৰ, হেণ্ড চেনিটাইজাৰ, ডিচপোজেবল ভাইব আদি থাকিব লাগে আৰু ফিংগাৰপ্ৰিণ্ট স্কেনাৰ আঁতৰাই ৰাখিব লাগে।

অফিচত বহাৰ ব্যৱস্থা বেলেগ ধৰণে কৰিব লাগিব -
কাৰ্যালয়ত কৰ্মচাৰীসকলে ইজনে আনজনৰ পৰা প্ৰায় ৬ ফুট দূৰৈত বহিব লাগে । প্ৰয়োজন নোহোৱালৈকে সকলো কৰ্মচাৰীক একেলগে কাৰ্যালয়লৈ মাতিব নালাগে । একেটা কোঠাতে কোনো ডাঙৰ বৈঠক পাতিব নালাগে। বৈঠকৰ দৰে কাম সাধাৰণতে ফোনৰ জৰিয়তে বা অনলাইন ভিডিঅ' কলৰ জৰিয়তে কৰা উচিত ।

নিয়মীয়াকৈ কাৰ্যালয় পৰিস্কাৰ কৰক -
কাৰ্যালয়ৰ সকলো বস্তু নিয়মীয়াকৈ পৰিষ্কাৰ কৰিব লাগে । যেনে কাউণ্টাৰ টপ, দুৱাৰৰ হেণ্ডেল, ৰিম'ট কণ্ট্ৰোল, কণ্ট্ৰোল পেনেল, ডেস্ক, কম্পিউটাৰ স্ক্ৰীণ, লেপটপ, লিফ্ট বুটাম আৰু হেণ্ড ৰেলিং ইত্যাদি ।

অফিচৰৰ ভিতৰত কেনেদৰে নিজকে সুৰক্ষিত কৰি ৰাখিব -

জনবহুল স্থানৰ পৰা নিজকে আঁতৰাই ৰাখক। সামাজিক দূৰত্ব বজাই ৰাখি সহকৰ্মীসকলৰ সৈতে কথা পাতক । মূলতঃ ট্ৰিপল লেয়াৰ মাস্ক আৰু হাতমোজা পিন্ধিব। আপোনাৰ হাতবোৰ বাৰে বাৰে চেনিটাইজাৰেৰে পৰিষ্কাৰ কৰি ৰাখিব । ৰেলিং, দুৱাৰৰ হেণ্ডেল, লিফ্ট বুটাম আৰু টকা স্পৰ্শ কৰাৰ পিছত আপোনাৰ হাত পৰিষ্কাৰ কৰিব আৰু কাৰ্যালয়ত উপস্থিত হ'বলৈ ৰাজহুৱা বাহন ব্যৱহাৰ কৰা পৰিহাৰ কৰক । একেলগে দুই বা ততোধিক লোকে লিফ্ট ব্যৱহাৰ নকৰিব । কাৰ্যালয়ত অধিকসময় চিৰিৰে অহা যোৱা কৰক কিন্তু হাতৰ ৰেলিং স্পৰ্শ কৰাৰ পৰা বিৰত থাকিব ।

আপোনাৰ ডেস্ক এনেদৰে পৰিষ্কাৰ কৰক-
অফিচত আপোনাৰ ডেস্ক পৰিষ্কাৰ কৰি ৰাখিব। ইয়াক পৰিষ্কাৰ কৰি ৰাখিবলৈ হেণ্ড চেনিটাইজাৰ, ৱাইপ আৰু বীজাণুনাশক টিচ্যু ব্যৱহাৰ কৰিব। আপুনি কাম আৰম্ভ কৰাৰ পূৰ্বে কীবোৰ্ড, কম্পিউটাৰ স্ক্ৰীণ আৰু মাউচৰ দৰে বস্তুবোৰ পৰিষ্কাৰ কৰি লব ।

কেণ্টিন বা ফুড কোৰ্টৰ সলনি ঘৰত বনোৱা খাদ্য খোৱা কৰক-
কাৰ্যালয়লৈ যোৱা কৰ্মচাৰীসকলে কেণ্টিন বা ফুড কোৰ্টৰ সলনি ঘৰতে বনোৱা খাদ্য খোৱা কৰক । যদি সম্ভৱ হয় ঘৰুৱা বাচন ব্যৱহাৰ কৰক আৰু পৰিচ্ছন্নতাৰ ওপৰত সম্পূৰ্ণ যত্ন লওক ।
Published by:Kokil Sarma
First published: