কোৰোণাৰ নামত উত্তৰ–পূবৰ লোকক বৈষম্যমূলক আচৰণ–হাৰাশাস্তি কৰিলে দিয়া হ’ব উপযুক্ত শাস্তি

News18 Assam | News18-Assam
Updated:March 24, 2020, 1:11 PM IST
কোৰোণাৰ নামত উত্তৰ–পূবৰ লোকক বৈষম্যমূলক আচৰণ–হাৰাশাস্তি কৰিলে দিয়া হ’ব উপযুক্ত শাস্তি
সমান্তৰালকৈ ৰাইজক Covid-19 কলৈ সজাগ আৰু সংবেদনশীল কৰিবলৈও কোৱা হৈছে।

সমান্তৰালকৈ ৰাইজক Covid-19 কলৈ সজাগ আৰু সংবেদনশীল কৰিবলৈও কোৱা হৈছে।

  • Share this:
কোৰোণাৰ নামত দেশৰ ৰাজধানী দিল্লী আৰু আন প্ৰান্তত উত্তৰ পূব লোক বৰ্ণ বৈষম্যৰ বলি হোৱাৰ ঘটনাই আচম্বিত কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক। সম্প্ৰতি তেনে ঘটনা পোহৰলৈ অহাত হস্তক্ষেপ কৰিছে গৃহ মন্ত্ৰণালয়ে। মন্ত্ৰণালয়ৰ উপ–সচিব আৰ কে পাণ্ডেৰ স্বাক্ষৰিত এখন পত্ৰত এনে ঘটনা বৰ্ণ বৈষম্যমূলক, বেদনাদায়ক আৰু হাৰাশাস্তিমূলক বুলি অভিহিত কৰা হৈছে।

লগতে পত্ৰখনত ৰাজ্য চৰকাৰসমূহক এনে কাম কৰা দুৰ্বৃত্তক উচিত শাস্তি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে। সমান্তৰালকৈ ৰাইজক Covid-19 কলৈ সজাগ আৰু সংবেদনশীল কৰিবলৈও কোৱা হৈছে।

দিল্লী বিশ্ববিদ্যালয়ৰ সমীপৰ বিজয় নগৰত দেওবাৰে নিশা এজন মধ্য বয়সীয়া ব্যক্তিয়ে মণিপুৰৰ এগৰাকী যুৱতীক উদ্দেশ্যি ক’ৰোনা ভাইৰাছ বুলি চিঞৰি গাত  পিকাই পলায়ন কৰিছিল। দুৰ্বৃত্তই এখন বগা Scooty ত আহিছিল বুলি গম পোৱা গৈছে। মুখাৰ্জী নগৰ আৰক্ষী থানাই এই সন্দৰ্ভত ধাৰা ৫০৯ ৰ অধিনত এক গোচৰ ৰুজু কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি