অসমৰ বাবে আহিব ২কোটি ক'ভিড ভেকচিন। কামৰূপ মহানগৰ জিলাত আক্ৰান্তৰ সংখ্যা ১০০০ হ'লে বন্ধ কৰা হ'ব শিক্ষানুষ্ঠান। ক'ভিড সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতে মন্তব্য ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।
অসমৰ বাবে আহিব ২কোটি ক'ভিড ভেকচিন। কামৰূপ মহানগৰ জিলাত আক্ৰান্তৰ সংখ্যা ১০০০ হ'লে বন্ধ কৰা হ'ব শিক্ষানুষ্ঠান। ক'ভিড সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতে মন্তব্য ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।
অসমৰ বাবে আহিব ২ কোটি ভেকচিন, জনালে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।আজি স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ আৰু জিলা প্ৰশাসনৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ইয়াৰ পিছতে ভেকচিন সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য-‘ ২কোটি ভেকচিন অৰ্ডাৰ দিম। কালি নিশা ১ কোটি দিছো, ১কোটি কাইলৈ অৰ্ডাৰ দিম। অসম আৰোগ্য নিধিত ৰাইজৰ ১১৬কোটি টকা আছে। সূত মিলাই ১১৮কোটিৰো অধিক টকা হৈছে। গোটেই পুঁজি ভেকচিনৰ কামত ব্যৱহাৰ কৰা হ'ব। আৰোগ্য নিধিৰ ওপৰিঞ্চি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব।'
বৈঠকত আন কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰতো আলোচনা কৰা হয়। তাৰ পিছতেই সংবাদ মাধ্যমক মন্ত্ৰীগৰাকীয়ে কয় 'কামৰূপ মেট্ৰ’ৰ বিশ্বঃবিদ্যালয়, স্কুল, কলেজ সকলো হ’ব বন্ধ। মহানগৰীত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১হাজাৰ অতিক্ৰম কৰিলে সিদ্ধান্ত লোৱা হ'ব। বহিঃৰাজ্যৰ পৰা অহা লোকক ৭ দিনৰ হোম কোৱাৰেণ্টাইন বাধ্যতামূলক কৰা হৈছে। ৬০টালৈ বৃদ্ধি কৰা হৈছে ক’ভিড স্ক্ৰীণিং চেণ্টাৰ। নাৰ্ছিংহোমৰ সৈতে হাস্পতালক ‘টাই আপ’ৰ অনুমতি দিয়া হৈছে।কিন্তু হোটেলসমূহ নাৰ্ছিং হোমৰ কাষত হ’ব লাগিব। ব্যক্তিগত হাস্পতালত নাথাকিব কোনোধৰণৰ বিনামূলীয়া সুবিধা। প্ৰয়োজনীয়তাত চৰকাৰে অনুষ্ঠিত কৰিব ভেকচিন কেম্প। ১৮–৪৫বৰ্ষৰ সকলোকে ৰাজ্য চৰকাৰৰ বিনামূলীয়া ভেকচিন দিয়া হ'ব। ২ মে’ তাৰিখলৈ আমি পৰিস্থিতি পৰীক্ষণ কৰিম। ক’ভিড পৰিস্থিতি জটিল হ’লে বাতিল হ’ব HS, HSLC পৰীক্ষা। নিৰ্বাচনৰ পূৰ্বে ক’ভিড নাছিল, ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা লুকাই ৰাখিব নোৱাৰি। ১০,০০০ কৰ্মচাৰীয়ে মোৰ লগত ষড়যন্ত্ৰ নকৰে। জুই যিমানেই পুৰিব সিমানেই সোণ বেছি উজ্জ্বল হ’ব। ২০২০ৰ তুলনাত ভেকচিন নষ্ট হোৱাৰ পৰিমাণ তেনেই কম।' ক'ভিড সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতে এই মন্তব্য কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|