ক’ৰোণা ভাইৰাছঃ চৰকাৰী কৰ্মচাৰীক উদ্দেশ্যি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা

News18 Assam | News18-Assam
Updated:March 20, 2020, 2:52 PM IST
ক’ৰোণা ভাইৰাছঃ চৰকাৰী কৰ্মচাৰীক উদ্দেশ্যি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা
বিশ্বৰ সৰ্বত্ৰ এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস

বিশ্বৰ সৰ্বত্ৰ এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস

  • Share this:
বিশ্বৰ সৰ্বত্ৰ এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস। ভাৰতবৰ্ষতো প্ৰত্যেক দিনাই বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্তৰ সংখ্যা। অসমতো এতিয়া বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে। শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলক উদ্দেশ্যি গুৰুত্বপূৰ্ণ মন্তব্য় কৰে।

ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘চৰকাৰী কাৰ্য্যলয়ৰ ৫০ শতাংশ কৰ্মচাৰীয়ে অফিচলৈ আহিব নালাগে। এসপ্তাহৰ মূৰে মূৰে সালসলনি কৰি ৫০% হে আহিব। বাকী ৫০% ঘৰৰ পৰাই অফিছৰ কাম কৰিব।

সংবাদমেলত মন্ত্ৰী হিমন্তৰ আন কেতবোৰ মন্তব্যঃ


  • ক’ৰোণাৰ লক্ষণ পালেহে হাস্পতালত ভৰ্তি কৰোৱা হ’ব।

  • বিমানবন্দৰত ১৬হাজাৰ ৫০০যাত্ৰীক পৰীক্ষা। ৬২হাজাৰ ৮০০জনৰ বিভিন্ন স্থানত পৰীক্ষা। ১,০০৩জনক আছুতীয়াকৈ ঘৰত ৰখা হৈছে।

  • জৰুৰী সেৱাত জড়িতসকলক কৃতজ্ঞতা জ্ঞাপন।


  • ৪১জন ব্যক্তিক ৰখা হৈছে আছুতীয়া কক্ষত।

  • শিলচৰ মেডিকেলতো আৰম্ভ ক’ৰোণা ভাইৰাছৰ পৰীক্ষা কৰা হৈছে। মুঠ ৫৭টা নমুনা পৰীক্ষা কৰা হৈছে।

  • লাহোৱালত ১১টা পৰীক্ষা কৰা হৈছে

  • GMCHত ৩৯টা নমুনা পৰীক্ষা কৰা হৈছে

  • ৰাজ্যত চাৰিটা পৰীক্ষাগাৰৰ ব্যৱস্থা কৰা হৈছে। ডিফু, তেজপুৰ, বৰপেটাতো পৰীক্ষাগাৰৰ চিন্তাচৰ্চা।


সংবাদমেল যোগে মন্ত্ৰী শৰ্মাই  ৫এপ্ৰিললৈ অসমৰ সকলো লোককে সজাগ–সচেতন হ’বলৈ অনুৰোধ জনায়। ‘ছ’চিয়েল মিডিয়াতো উৰা বাতৰি প্ৰচাৰ নকৰিবলৈ আহ্বান।

অগ্নিনিৰ্বাপক, জৰুৰীকালীন সেৱা পূৰ্বৰ দৰেই চলিব বুলি মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ‘সংবাদ, স্বাস্থ্যকৰ্মীয়ে সজাগতাৰ কাম সুন্দৰকৈ কৰিছে। অসমলৈ অহা যাত্ৰীৰ হাত লগোৱা হ’ব ষ্টাম্প। ঘৰতে আছুতীয়াকৈ ৰখাৰ বাবে লগোৱা হ’ব ষ্টাম্প। যাত্ৰীবাহী বাছত থিয় হৈ নাযাবলৈ আহ্বান। গুৱাহাটীৰ জনাকীৰ্ণ স্থান বন্ধৰ নিৰ্দেশ। বিদেশত আবদ্ধ অসমীয়াক দিয়া হ’ব সাহায্য। ২হাজাৰ ড’লাৰকৈ দিয়া হ’ব একোজন লোকক। দোকান, কাৰ্যালয়ত থাকিব লাগিব হেণ্ড ছেনিটাইজাৰ।’ মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
Published by: Himangshu Bhuyan
First published: March 20, 2020, 2:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading