• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • গুৱাহাটী ৰে’ল ষ্টেচনত মন্ত্ৰী পীয়ুষ হাজৰিকা, AMCত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী ৰে’ল ষ্টেচনত মন্ত্ৰী পীয়ুষ হাজৰিকা, AMCত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যজুৰি ক’ৰোণা ভাইৰাছকলৈ আতংকময় পৰিস্থিতি

ৰাজ্যজুৰি ক’ৰোণা ভাইৰাছকলৈ আতংকময় পৰিস্থিতি

ৰাজ্যজুৰি ক’ৰোণা ভাইৰাছকলৈ আতংকময় পৰিস্থিতি

  • Share this:
ৰাজ্যজুৰি ক’ৰোণা ভাইৰাছকলৈ আতংকময় পৰিস্থিতি। মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী বিধায়কসকলে ক’ৰোণা ভাইৰাছকলৈ ঘনে ঘনে বহিছে বৈঠকত। শনিবাৰে মন্ত্ৰী পীয়ুষ হাজৰিকাক দেখা গ’ল গুৱাহাটী ৰে’ল ষ্টেচনত। যাত্ৰীক স্ক্ৰীনিঙৰ কৰা বিষয় পৰীক্ষা কৰিলে মন্ত্ৰীজনে। লগতে যাত্ৰীক নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখিবলৈও জনালে আহ্বান।

ব্যক্তিগত চিকিৎসালয় সমূহলৈ বিশেষ নিৰ্দেশনা মন্ত্ৰীৰ। ৰোগী আহিলে চৰকাৰী হাস্পতাললৈ পঠিয়াই দায়িত্ব সাৰিব নোৱাৰিব বুলি উল্লেখ কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই ব্যক্তিগত হাস্পতালক ক’ৰোণাৰে যুঁজিবলৈ সাজু হ’বলৈ নিৰ্দেশ।

ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শনিবাৰে উপস্থিত হয় অসম চিকিৎসা মহাবিদ্যালয়ত। মন্ত্ৰীগৰকীয়ে মহাবিদ্যালয়ত ক’ৰোণাকলৈ অধ্যক্ষ, অধীক্ষক, মুৰব্বী চিকিৎসকৰে বৈঠকত  অংশগ্ৰহণ কৰে।
Published by:Himangshu Bhuyan
First published: