ক’ৰোণা ভাইৰাছঃ GMCHত সম্পন্ন হ’ল ২৯ জনৰ স্বাস্থ্য পৰীক্ষা, ২৮ জনৰ নিগেটিভ

News18 Assam | News18-Assam
Updated:March 16, 2020, 4:56 PM IST
ক’ৰোণা ভাইৰাছঃ GMCHত সম্পন্ন হ’ল ২৯ জনৰ স্বাস্থ্য পৰীক্ষা, ২৮ জনৰ নিগেটিভ
সোমবাৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ৰোণা ভাইৰাছকলৈ সম্বোধন কৰে সংবাদমেল।

সোমবাৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ৰোণা ভাইৰাছকলৈ সম্বোধন কৰে সংবাদমেল।

  • Share this:
সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো এতিয়া ক’ৰোণাৰ সন্ত্ৰাস। কিন্তু সৌভাগ্য ক্ৰমে অসমত এতিয়ালৈকে কোনো ৰোগী ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱা নাই। সোমবাৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ৰোণা ভাইৰাছকলৈ সম্বোধন কৰে সংবাদমেলৰ।

মন্ত্ৰী শৰ্মাই কয় যে,  ‘ক'ৰোণা ভাইৰাছে সমগ্ৰ বিশ্বতে যি সংক্ৰমণ হৈছে, তাৰ পৰা ভাৰতো ৰেহাই পোৱা নাই ৷ কিন্তু অসমত এজনৰো পজিটিভ পোৱা নাই। অসমৰ পৰা দুটা চেম্পল পুনেলৈ পঠিওৱা হৈছিল। এতিয়ালৈকে GMCH, যোৰহাট মেডিকেল কলেজ হাস্পতালৰ লেবেটৰী, লাহুৱালত চেম্পল পৰীক্ষা কৰাৰ স্বীকৃতি পাইছে ৷ অসমত মুঠতে ছটা লে’বটৰীৰ ব্যৱস্থা কৰা হৈছে।

মন্ত্ৰী শৰ্মাই লগতে কয় যে, ‘GMCHত ২৯ৰ পৰীক্ষা কৰা হয়, ২৮ টা নিগেটিভ হয়। বাকী থকা এটা ৰিজাল্ট আজি সন্ধিয়ালৈ লাভ কৰিব। লাহোৱালত ছটা নিগেটিভ পোৱা গৈছে। বৰ্তমান আইছ’লেটেড বেড ৫০৭ খন আছে।  যোৰহাটত ক’ৰোণাৰ সন্দেহত তিনিজনৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল। আটাইকেইটাই নিগেটিভ। ’

পৰ্যাপ্ত পৰিমাণে বিভিন্ন প্ৰকাৰৰ মাস্ক মজুত আছে। ক’ৰোণাত সংক্ৰমিতসকল নিউমনিয়াত আক্ৰান্ত হ’লে আৱস্যক হয় ভেণ্টিলেচনৰ। অসমৰ চৰকাৰী হাস্পতালত ২৬৯ ভেণ্টিলেচন আছে। বৰ্তমান এনে পৰিস্থিতিত অনাৱশ্যকীয় ৰাজহুৱা সভা, জনসমাৱেশ বৰ্জন কৰিব লাগে। হেণ্ডচেক, সাৱটি ধৰাৰ সলনি নমস্কাৰ। বাহিৰলৈ পিন্ধি যোৱা কাপোৰ ঘৰত সোমোৱাৰ পূৰ্বে বাহিৰতে সলাই থৈ যাব লাগে।
Published by: Himangshu Bhuyan
First published: March 16, 2020, 4:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading