ডেকা ল’ৰাৰ গাত ১৪ দিনটো কোৰোণাৰ চিন নেদেখিব পাৰে, তেনে অৱস্থাত কি কৰিব? ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

News18 Assam | News18-Assam
Updated:March 24, 2020, 5:19 PM IST
ডেকা ল’ৰাৰ গাত ১৪ দিনটো কোৰোণাৰ চিন নেদেখিব পাৰে, তেনে অৱস্থাত কি কৰিব? ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
কোৰোণাৰ লক্ষ্যণ দেখা দিলে ইয়াক লুকুৱাটো বিপজ্জনক৷ ল'ৰাই মাক-দেউতাকলৈ বিয়পাব পাৰে৷

কোৰোণাৰ লক্ষ্যণ দেখা দিলে ইয়াক লুকুৱাটো বিপজ্জনক৷ ল'ৰাই মাক-দেউতাকলৈ বিয়পাব পাৰে৷

  • Share this:
কোৰোণা ভাইৰাছক লৈ বিধানসভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে কোৰোণা নতুন নহয়৷ COVID19টোহে নতুন ৰূপত কোৰোণা৷ চীনত আৰম্ভ হোৱা এই COVID19ৰ বহু খবৰ পোৱা নাই৷ মানুহৰ দ্বাৰা বিয়পে এই COVID19৷ বতাহটো COVID19 আঠ ঘণ্টা থাকে বুলি সদৰি কৰিছে WHO–এ৷

‘কোৰোণা গাত লাগি থাকিলে একো নহয়, কিন্তু দেহৰ ভিতৰত প্ৰৱেশ কৰিলেই সমস্যা৷ মুখ, নাক, কাণ, চকুত প্ৰৱেশ কৰিলেই ই সংক্ৰমণ কৰিব দেহত৷ আমি কোৰোণা ভাইৰাছক হাতত লৈ খেলিও থাকিব পাৰো৷ কেৱল দেহৰ ভিতৰত সোমালেই হ'ব বিপদ৷ সেয়ে হাত সঘনে ধুই ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে৷ যাতে হাতত লাগি থকা কোৰোণা দেহত নোসোমায়।’ – মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় – ডেকা ল’ৰাৰ গাত ১৪ দিনটো কোৰোণাৰ চিন নেদেখিব পাৰে৷ কিন্ত ডেকা ল’ৰাই বুঢ়া মা-দেউতাক সাবটি চুমা দিব নালাগে৷ এনে কৰিলে ডেকাৰ গাত লাগি থকা কোৰোণা তেওঁলোকৰ গালৈ যাব পাৰে। ১৪ দিন আমি সকলোৰে পৰা আঁতৰি থাকিব লাগে৷

কোৰোণাৰ লক্ষ্যণ দেখা দিলে ইয়াক লুকুৱাটো বিপজ্জনক৷ ল'ৰাই মাক-দেউতাকলৈ বিয়পাব পাৰে৷ গুৱাহাটীত বহু খবৰ পাইছো যে বহু ল’ৰা আহিছে বাহিৰৰ পৰা, কিন্ত ঘৰৰ মানুহে কথাবোৰ লুকুৱাইছে। বিধানসভাত ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত যথেষ্টখিনি ঔষধ আছে৷ মেলেৰিয়া জ’ন হিচাপে আমি মজুত ৰাখিছিলো এই ঔষধ৷ এতিয়া এই ঔষধ আমি সঠিক কামতহে ব্যৱহাৰ কৰিবলৈ দিছো৷ সামাজিক ব্যৱধান বজাই ৰাখিব লাগিব৷ মাক-দেউতাক কাষত আহিব দিব নালাগে এই সময়ত৷ ৬০ ঊৰ্ধ্বৰ লোক সাৱধান হওক। হাড্ৰক্সিন ক্লৰকুইন-৪০০ কোৰোণা ভাইৰাছৰ বিকল্প ঔষধ হিচাপে ব্যৱহাৰ কৰাৰ চিন্তা কৰিছে চৰকাৰে৷ এই ঔষধ অসম চৰকাৰৰ হাতত মজুত আছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি