• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • সাধাৰণ লোকৰ তুলনাত তিনিগুণ বেছি হাৰত কোভিডত আক্ৰান্ত হয় স্বাস্থ্য সেৱা কৰ্মীসকল ! গৱেষণাৰ তথ্য...

সাধাৰণ লোকৰ তুলনাত তিনিগুণ বেছি হাৰত কোভিডত আক্ৰান্ত হয় স্বাস্থ্য সেৱা কৰ্মীসকল ! গৱেষণাৰ তথ্য...

স্বাস্থ্য সেৱা কৰ্মীসকলৰ  স্বাস্থ্য পৰীক্ষাত লাভ কৰা গৈছে যে ১৪.৫ শতাংশ কৰ্মী কোভিডত সংক্ৰমিত হৈছিল।

স্বাস্থ্য সেৱা কৰ্মীসকলৰ স্বাস্থ্য পৰীক্ষাত লাভ কৰা গৈছে যে ১৪.৫ শতাংশ কৰ্মী কোভিডত সংক্ৰমিত হৈছিল।

স্বাস্থ্য সেৱা কৰ্মীসকলৰ স্বাস্থ্য পৰীক্ষাত লাভ কৰা গৈছে যে ১৪.৫ শতাংশ কৰ্মী কোভিডত সংক্ৰমিত হৈছিল।

  • Share this:

সাধাৰণ লোকৰ তুলনাত স্বাস্থ্য সেৱা কৰ্মীসকলৰ মাজত কোভিড-১৯ত সংক্ৰমিত হোৱাৰ আশংকা তিনিগুণ বেছি থাকে। এটা অধ্যয়নত লাভ কৰা গৈছে এই তথ্য। সংক্ৰমিত হোৱা পাঁচজনৰ ভিতৰত এজন কৰ্মী লক্ষণহীন আছিল আৰু তেওঁলোক কোভিড-১৯ত আক্ৰান্ত হোৱাৰ বিষয়ে অজ্ঞাত আছিল বুলি কোৱা হৈছে অধ্যয়নটোত।


ই আৰ জে মুক্ত গৱেষণা (ERJ Open Research)ত প্ৰকাশিত এই অধ্যয়নটোত মুঠ ২,০৬৩ গৰাকী স্বাস্থ্য সেৱা কৰ্মচাৰী অন্তৰ্ভুক্ত আছিল, যিসকলক মে’ আৰু ছেপ্টেম্বৰ ২০২০ৰ ভিতৰত কোভিড-১৯ৰ বিৰুদ্ধে এণ্টিবডীৰ বাবে পৰীক্ষা কৰা হৈছিল। এই এণ্টিবডীবোৰৰ উপস্থিতিয়ে ইংগিত কৰিছিল যে কোনোবা এজন কোভিড-১৯ত সংক্ৰমিত হৈছে।


স্বাস্থ্য পৰীক্ষা কৰাত জানিব পৰা গৈছে যে ১৪.৫ শতাংশ স্বাস্থ্য সেৱা কৰ্মী কোভিডত সংক্ৰমিত হৈছিল। এই হাৰ স্থানীয় সংক্ৰমিত লোকৰ অনুপাততকৈ তিনিগুণ বেছি আছিল।


কৰ্মীসকলৰ মাজত দন্ত চিকিৎসক (২৬ শতাংশ), স্বাস্থ্য সেৱা সহায়ক (২৩.৩ শতাংশ) আৰু চিকিৎসালয়ৰ কুলি (২২.২ শতাংশ)ৰ সংক্ৰমণৰ হাৰ সৰ্বাধিক আছিল। চিকিৎসক আৰু প্ৰশাসনিক কৰ্মচাৰীৰ (২১.১ শতাংশ) হাৰ সমান আছিল। প্ৰায় ১৮.৭ শতাংশই ভবা নাছিল যে তেওঁলোক কেতিয়াবা কোভিড-১৯ত আক্ৰান্ত আৰু সম্পূৰ্ণৰূপে লক্ষণহীন আছিল। গৱেষকসকলৰ মতে গুৰুত্বপূৰ্ণ কথা এয়া যে লক্ষণ নোহোৱা লোকসকলে কামলৈ যোৱাৰ সম্ভাৱনা থাকে আৰু আন লোকক সংক্ৰমিত কৰিব পাৰে।


"মহামাৰীৰ সময়ত চিকিৎসক আৰু নাৰ্ছসকলৰ বাবে PPE কিটৰ বাবে যথেষ্ট মনোযোগ দিয়া হৈছিল, কিন্তু আমি দেখিছিলো যে দন্ত চিকিৎসক, স্বাস্থ্য সেৱা সহায়ক আৰু কুলিসকল পজিটিভ হোৱাৰ সম্ভাৱনা থকা কৰ্মচাৰী আছিল।" ইউ কেৰ ডাণ্ডি বিশ্ববিদ্যালয় (University of Dundee, UK)ৰ পৰামৰ্শদাতা, শ্বাস-প্ৰশ্বাস চিকিৎসক আৰু মুখ্য গৱেষক অধ্যাপক জেমছ চলমাৰ্ছে কয়।


অৱশ্যে, সংক্ৰমিত হোৱা স্বাস্থ্য সেৱা কৰ্মীসকলে পৰৱৰ্তী ছয় মাহত দ্বিতীয়বাৰৰ বাবে কোভিড-১৯ সংক্ৰমিত হোৱাৰ সম্ভাৱনা খুব কম আছিল । তেওঁলোকৰ পৰীক্ষাৰ পিছৰ মাহবোৰত ৩৯ গৰাকী কৰ্মীৰ লক্ষণগত কোভিড-১৯ সংক্ৰমণ হৈছিল, কিন্তু ইয়াৰে মাত্ৰ এজন কৰ্মী আগতে পজিটিভ পৰীক্ষা পোৱা হৈছিল।


"ইতিমধ্যে কোভিড-১৯ হোৱা লোকসকলৰ বাবে এইটো সঁচাকৈয়ে ভাল খবৰ, কিয়নো ইয়াৰ অৰ্থ হৈছে দ্বিতীয় সংক্ৰমণৰ সম্ভাৱনা অতি কম," চলমাৰ্ছে কয়। দলটোৱে ৰোগ প্ৰতিৰোধ ক্ষমতা কিমান দিন থাকে আৰু টিকাকৰণে স্বাস্থ্য সেৱা কৰ্মীসকলৰ মাজত সংক্ৰমণক কেনেদৰে প্ৰভাৱিত কৰে চাবলৈ গৱেষণা অব্যাহত ৰাখিব বুলি ব্যক্ত কৰে।

Published by:Gautam Barman
First published: