ক্ষীপ্ৰগতিত মহামাৰী Covid-19ৰ পৰা সুস্থ হৈ উঠিবলৈ খাদ্যৰ তালিকাত কি কি ৰাখিব?

News18 Assam | News18-Assam
Updated:May 4, 2021, 3:55 PM IST
ক্ষীপ্ৰগতিত মহামাৰী Covid-19ৰ পৰা সুস্থ হৈ উঠিবলৈ খাদ্যৰ তালিকাত কি কি ৰাখিব?
Image Credit : Pixabay

কোৰোণা সংক্ৰমণৰ কবলত পৰা বা সুস্থ হৈ উঠাৰ প্ৰক্ৰিয়াত থকা লোকসকলক তেওঁলোকৰ ৰোগ প্ৰতিৰোধী ক্ষমতা শক্তিশালী কৰিবলৈ বিভিন্ন ধৰণৰ স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।

  • Share this:
ভাৰতত কোৰোণাৰ দ্বিতীয় ঢৌৱে সংহাৰী ৰূপ ধৰাণ কৰাৰ লগতে সমগ্ৰ দেশতে প্ৰতিদিনে লক্ষাধিক লোক আক্ৰান্ত হৈছে কোভিড১৯ত । কোৰোণাৰ এই ভয়ৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বহু ঠাইত সম্পূৰ্ণ লকডাউন আৰোপ কৰা হৈছে । লগতে চাবোন আৰু হেণ্ডৱাছৰ সৈতে সঘনাই হাত ধোৱা, মাস্ক পিন্ধা আৰু সামাজিক দূৰত্ব বাধ্যতামূলকভাৱে মানি চলিবলৈও চৰকাৰৰ পৰা নিৰন্তৰ আহ্বান জনাই অহা হৈছে । সংক্ৰমণৰ পৰা বাছি থাকিবলৈ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ কোৱা হৈছে দেশৰ সকলো জনতাক । তদুপৰ যিসকল লোক সংক্ৰমিত হৈছে বা সুস্থ হৈ উঠাৰ প্ৰক্ৰিয়াত থকা লোকসকলক তেওঁলোকৰ ৰোগ প্ৰতিৰোধী ক্ষমতা শক্তিশালী কৰিবলৈ বিভিন্ন ধৰণৰ স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।

তেনেস্থলত আমি কোৰোণাৰ পৰা বাছি থাকিবলৈ আমি আমাৰ ৰুটিনত এইসমূহ খাদ্য অন্তৰ্ভূক্ত কৰিব পাৰো -

১. খিচিৰি খাওক - খিচিৰিক চুপাৰ ফুড বুলিও জনা যায়। চাউল, মাহজাতীয় শস্য আৰু পাচলিৰে সমৃদ্ধ খিচিৰি তৈয়াৰ কৰাটো যিমানেই সহজ, তেনেদৰে ইয়াৰ পুষ্টিও সিমানেই বেছি হয় । অসুস্থ আৰু দুৰ্বল হৈ থাকিলেও আপুনি এটা পাত্ৰৰ এই ৰেচিপি সহজে বনাব আৰু খাব পাৰে।

২. নিয়মিত খাওক কমলা - কমলা হৈছে ভিটামিন চি সমৃদ্ধ, যি এণ্টিবডী গঠন কৰাৰ লগতে দ্ৰুততাৰে সুস্থ হৈ থকাৰ বাবে অতি গুৰুত্বপূৰ্ণ । কমলা আপোনাৰ ৰোগ প্ৰতিৰোধী ক্ষমতাৰ বাবে অতি উপকাৰী। ইয়ে আপোনাৰ শক্তি তৎক্ষণাৎ বৃদ্ধি কৰিবলৈ কাম কৰে।

৩. বাদাম খাওক - বাদামত ভিটামিন ই থাকে, যি এণ্টি অক্সিডেণ্টেৰে সমৃদ্ধ । যদিহে কোৰোণাৰ ফলত শৰীৰ অতি দুৰ্বল হৈ পৰিছে, তেন্তে আপোনাক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত বাদাম অতি উপযোগী । আপুনি বাদামৰ বাহিৰে আন শুকান ফল অৰ্থাৎ কাজুবাদাম,আভাকাডো আৰু অন্যান্য ভিটামিন ই যুক্ত খাদ্য আপোনাৰ আহাৰত অন্তৰ্ভূক্ত কৰিব পাৰে।

৪. প্ৰতিদিনে এটা কণী খোৱাটো অত্যাৱশ্যকীয় - কণীত যথেষ্ট পৰিমাণে প্ৰ'টিন পোৱা যায় । যিয়ে আপোনাক কোৰোণাৰ পৰা সুস্থ হৈ উঠাৰ ক্ষেত্ৰত যথেষ্ঠ পৰিমাণে সহায় কৰিব । ইয়াত এমিনো এচিডো থাকে, যিয়ে আপোনাৰ শৰীৰক পেথোজেনৰ পৰা সুৰক্ষা প্ৰদান কৰিব ।

৫. জিংক সমৃদ্ধ বীন -বীন যথেষ্ট পৰিমাণে জিংকত সমৃদ্ধ । যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বোৰ উলিয়াই দিয়ে । শৰীৰত জিংকৰ অভাৱৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হয় । যিহেতু কোভিডৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা অতি গুৰুত্বপূৰ্ণ। তেনেস্থলত আপুনি জিংক সমৃদ্ধ খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজন ।

(Disclaimer: এই লিখনিত থকা কথা আৰু তথ্যসমূহ সামান্য তথ্যৰ ওপৰত আধাৰিত।  News 18 Assamএ ইয়াক নিশ্চিত নকৰে। এইবোৰ কাৰ্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)
Published by: Kokil Sarma
First published: May 4, 2021, 3:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি