অত্যাৱশ্যকীয় সামগ্ৰী মাস্ক আৰু চেনিটাইজাৰৰ দাম নিৰ্ধাৰণ, কোনখন মাস্ক আৰু চেনিটাইজাৰৰ কি দাম বান্ধি দিলে কেন্দ্ৰই?চাওক

News18 Assam | News18-Assam
Updated:March 21, 2020, 5:42 PM IST
অত্যাৱশ্যকীয় সামগ্ৰী মাস্ক আৰু চেনিটাইজাৰৰ দাম নিৰ্ধাৰণ, কোনখন মাস্ক আৰু চেনিটাইজাৰৰ কি দাম বান্ধি দিলে কেন্দ্ৰই?চাওক
ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে বিশেষ অধিসূচনা

ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে বিশেষ অধিসূচনা

  • Share this:
কেন্দ্ৰীয় অত্যাৱশ্যকীয় সামগ্ৰী অধিনয়ম ১৯৫৫ৰ ধাৰা ৩ আৰু উপধাৰা ২ প্ৰয়োগ কৰি ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ মাস্ক আৰু হেণ্ড চেনিটাইজাৰ মূল্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অধিসূচনা জাৰি কৰিছে।

মাস্ক( ২ প্লাই আৰু ৩ প্লাই)ৰ দাম ১৩.০৩.২০২০ৰ এমাহৰ আগত অৰ্থাৎ ১২–০২–২০২০ত নিৰ্ধাৰণ কৰা দামত কৈ বেছি হ’ব নোৱাৰিব।
২.মাস্কৰ খুচুৰা বিক্ৰী ১৩.০৩.২০২০ৰ এমাহৰ আগত অৰ্থাৎ ১২–০২–২০২০ত নিৰ্ধাৰণ কৰা দাম বা ১০ টকা প্ৰতিখন মাস্ক(৩ প্লাই চাৰ্জিকল) আৰু ২ প্লেট মাস্কৰ দাম ৮ টকাতকৈ বেছি হ’ব নোৱাৰিব।

৩. ২০০ মিলি লিটাৰ চেনিটাইজাৰৰ দাম ১০০ টকাতকৈ বেছি হ’ব নোৱাৰিব। অন্যপৰিমাণৰ বাবে চেনিটাইজাৰৰ দাম ইয়াৰ সমানুপাতিক হ’ব।
৪. ৩০ জুন ২০২০ লৈকে এই অধিসূচনা কাৰ্যকৰী হ’ব।
Published by: Himangshu Bhuyan
First published: March 21, 2020, 5:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading