ক'ৰোণাই কৰুণা নকৰিলে চোৰকো।এইবাৰ চোৰৰ গাত ক'ৰোণা। শংকিত হাজোবাসী...

News18 Assam | News18-Assam
Updated:April 13, 2021, 1:32 PM IST
ক'ৰোণাই কৰুণা নকৰিলে চোৰকো।এইবাৰ চোৰৰ গাত ক'ৰোণা। শংকিত হাজোবাসী...
হাজোৰ ধৃত ছাদেক আলী নামৰ চোৰৰ দেহত ধৰা পৰিছে ক'ৰোণা পজিটিজ। এই খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া শংকিত হৈ পৰিছে হাজোবাসী।

হাজোৰ ধৃত ছাদেক আলী নামৰ চোৰৰ দেহত ধৰা পৰিছে ক'ৰোণা পজিটিজ। এই খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া শংকিত হৈ পৰিছে হাজোবাসী।

  • Share this:
দৈনিক বৃদ্ধি পাইছে ক'ৰোণা আক্ৰান্তৰ সংখ্যা। ইয়াৰ মাজতে হাজো আৰক্ষীয়ে আটক কৰা এটা চোৰৰ দেহত ক'ৰোণা আক্ৰান্তৰ বাতৰিয়ে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে তীৰ্থ নগৰী হাজোত।এইবাৰ চোৰৰ দেহত ক'ৰোণা। হাজো আৰক্ষীৰ অভিযানত আটক হোৱা ৭টা চোৰৰ এটাৰ দেহত পোৱা গৈছে ক'ৰোণাৰ অৱস্থিতি। বিগত কিছুদিনৰ পৰা হাজোৰ লগতে কামৰূপ  জিলাৰ কমলপুৰৰ বিভিন্ন অঞ্চলৰ পৰা ধাৰাবাহিকভাৱে চুৰি হৈ আহিছিল পাৱাৰগ্ৰীডৰ বৈদ্যুতিক তাঁৰ। এই চুৰি সন্দৰ্ভত শক্তি বিভাগে আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে এই ৭টাকৈ বৈদ্যুতিক তাঁৰ চোৰক।
কামৰূপৰ কমলপুৰৰ বোৰ্কাৰ পৰা ৭টা চোৰৰ লগতে চুৰি বৈদ্যুতিক তাঁৰসমূহ জব্দ কৰিছে আৰক্ষীয়ে।এই চুৰি হোৱা তাঁৰখিনিৰ বজাৰ মূল্য প্ৰায় ১৮লাখ টকা হ'ব বুলি জানিবলৈ দিছে হাজো বৈদ্যুতিক সংমণ্ডলৰ বিষয়াই।
এই ধৃত চোৰকেইটা ক্ৰমে পশ্চিম বংগৰ মালদাৰ লালনু ছেইখ আৰু কায়ম ছেইখ, নলবাৰীৰ মুকালমুৱাৰ বানেচ আলী, বাৰেক আলী, কানু ছেইখ, নয়ম আলী আৰু হাজোৰ হাবলাখাৰ ছাদেক আলী। হাজোৰ ধৃত ছাদেক আলীৰ দেহত ধৰা পৰিছে ক'ৰোণা পজিটিজ। এই খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া শংকিত হৈ পৰিছে হাজোবাসী।
Published by: Kokil Sarma
First published: April 13, 2021, 1:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি