Covid ৰোগীৰ বাবে ৫০খন বিচনাৰে সাজু কৰি তোলা হৈছে হাজোৰ কলিতাকুছি আদৰ্শ চিকিৎসালয়।

News18 Assam | News18-Assam
Updated:April 22, 2021, 10:50 AM IST
Covid ৰোগীৰ বাবে ৫০খন বিচনাৰে সাজু কৰি তোলা হৈছে হাজোৰ কলিতাকুছি আদৰ্শ চিকিৎসালয়।
স্বাস্থ্যবিভাগে ক'ভিড ৰোগীক চিকিৎসা প্ৰদান কৰিবৰ বাবে সাজু কৰি তুলিছে ন ন হাস্পতাল।

স্বাস্থ্যবিভাগে ক'ভিড ৰোগীক চিকিৎসা প্ৰদান কৰিবৰ বাবে সাজু কৰি তুলিছে ন ন হাস্পতাল।

  • Share this:
ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কʼৰোণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা। ক'ৰোণা ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰ তথা প্ৰসাশনে কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। আনহাতে, স্বাস্থ্যবিভাগে ক'ভিড ৰোগীক চিকিৎসা প্ৰদান কৰিবৰ বাবে সাজু কৰি তুলিছে ন ন হাস্পতাল।

হাজোৰ কলিতাকুছি আদৰ্শ চিকিৎসালয়ত এইবাৰো চিকিৎসা প্ৰদান কৰা হ'ব ক'ৰোণা আক্ৰান্ত ৰোগীক। ইতিমধ্যে হাস্পতালখনত ৫০গৰাকী ৰোগীক চিকিৎসা কৰিবৰ বাবে যাৱতীয় সকলো ব্যৱস্থা সাজু কৰি তোলা বুলি NEWS18ক জানিবলৈ দিয়ে কলিতাকুছি আদৰ্শ চিকিৎসালয়ৰ উপ‌ অধীক্ষক ডাঃ দীনেশ দাসে। উল্লেখ্য যে বিগত বৰ্ষতো এইখন হাস্পাতলত ক'ৰোণা আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰা হৈছিল।
Published by: Kokil Sarma
First published: April 22, 2021, 10:46 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি