হাইলাকান্দি চহৰৰ ১০ নম্বৰ ওৱাৰ্ডৰ ৯৯ নং নাৰাইনপুৰ প্ৰাথমিক বিদ্যালয়ৰ ভেকচিন কেন্দ্ৰত সংঘটিত হয় এই ভেকচিন বিভ্ৰান্তিৰ ঘটনা।
হাইলাকান্দি চহৰৰ ১০ নম্বৰ ওৱাৰ্ডৰ ৯৯ নং নাৰাইনপুৰ প্ৰাথমিক বিদ্যালয়ৰ ভেকচিন কেন্দ্ৰত সংঘটিত হয় এই ভেকচিন বিভ্ৰান্তিৰ ঘটনা।
কোৰোণাৰ প্ৰতিষেধক (Corona Vaccine)ৰ দুটা ড'জ দুটা বেলেগ বেলেগ ভেকচিন ল'ব পাৰি নে নোৱাৰি ইয়াকে লৈ ৰাইজৰ মাজত প্ৰচুৰ কৌতুহল আছে। কিন্তু এনে এক ঘটনাই সংঘটিত হৈছে অসমত। হাইলাকান্দিত সংঘটিত হৈছে ভেকচিন বিভ্ৰান্তিৰ এই ঘটনা।
হাইলাকান্দি (Hailakandi)ত দুই ভাতৃ-ভগ্নীয়ে প্ৰথম পালি প্ৰতিষেধক লৈছিল কোভাক্সিন (Covaxin)। কিন্তু দ্বিতীয় পালি ভেকচিন ল'বলৈ আহোতে কেন্দ্ৰত দিলে কোভিছিল্ড (Covishield) ভেকচিন। এই কথা গম পোৱাৰ লগেলগে ভাতৃ-ভগ্নীৰ মাজত হাহাকাৰ লাগে। কিন্তু সমগ্ৰ বিষয়টো গাপ দিয়াৰ বাবে কেন্দ্ৰৰ পৰা দুইজনকে প্ৰদান কৰা হৈছে কোভাক্সিনৰ চাৰ্টিফিকেট । শিলচৰ (Silchar) বাসিন্দা দুই ভাতৃ-ভগ্নীৰ মোবাইলত বন্দী হৈছে স্বাস্থ্য কৰ্মীৰ সকলো মন্তব্য । বিষয়টো লৈ সৰৱ হৈ পৰিছে ভূক্তভোগী সায়ন্তন ভট্টাচাৰ্য আৰু সাগৰিকা ভট্টাচাৰ্য।
২০ জুনত দ্বিতীয় ড'জ গ্ৰহণৰ দিনা হাইলাকান্দি চহৰৰ ১০ নম্বৰ ওৱাৰ্ডৰ ৯৯ নং নাৰাইনপুৰ প্ৰাথমিক বিদ্যালয়ৰ ভেকচিন কেন্দ্ৰত সংঘটিত হয় এই ভেকচিন বিভ্ৰান্তিৰ ঘটনা। বিষয়টো জ্ঞাত হোৱাৰ পিছত দুই ভাতৃ ভগ্নিয়ে কেন্দ্ৰটোৰ দায়িত্বত থকা অংশুমান নাথক প্ৰশ্ন কৰাত কোনো সদুত্তৰ নাপালে।
ইতিমধ্য দুয়োজনে সংবাদ মাধ্যমৰ জৰিয়তে বিষয়টো ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|