• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • ক’ৰোণা ভাইৰাছৰ আতংক, ৰাজ্যৰ বিমান বন্দৰত প্ৰত্যেক যাত্ৰীক কৰা হৈছে ক’ৰোণা ভাইৰাছৰ পৰীক্ষা

ক’ৰোণা ভাইৰাছৰ আতংক, ৰাজ্যৰ বিমান বন্দৰত প্ৰত্যেক যাত্ৰীক কৰা হৈছে ক’ৰোণা ভাইৰাছৰ পৰীক্ষা

সাজু কৰা হৈছে Isolation Ward

সাজু কৰা হৈছে Isolation Ward

সাজু কৰা হৈছে Isolation Ward

  • Share this:
দেশজুৰি বৰ্তমানলৈকে ২৮ জন লোকৰ গাত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি ৷ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে দেশজুৰি হেল্থ এলাৰ্ট ৷ ক’ৰোণা ভাইৰাছ পৰা ৰক্ষা পাবলৈ চৰকাৰে জাৰি কৰিছে কেইবাটাও পৰামৰ্শ ৷ অসমত বৰ্তমানলৈকে এজনৰো গাত অৱস্থিতি ধৰা পৰা নাই যদিও স্বাস্থ্য বিভাগে লৈছে বিশেষ ব্যৱস্থা ৷

ৰাজ্যৰ বাহিৰৰ পৰা অহা প্ৰত্যেক জন লোককে বিমান বন্দৰত কৰা হৈছে পৰীক্ষা ৷ যদিও এতিয়ালৈকে অসমত ক’ৰোণা ভাইৰাছত কোনো আক্ৰান্ত হোৱা নাই তথাপিও ৰাজ্য চৰকাৰে আগতীয়াকৈয়ে লৈছে যাৱতীয় ব্যৱস্থা।

এতিয়ালৈকে ওলোৱা নাই ক’ৰোণা ভাইৰাছৰ ভেকচিন ৷ যাৰ বাবে ৰাজ্য চৰকাৰে ‘Isolation ward’ ৰাখিছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৷ বিধানসভাত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিয়ুজ হাজৰিকাই সংবাদ মাধ্যমৰ আগত কি কি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ মন্তব্য কৰে ৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই–

" ক’ৰোণা ভাইৰাছৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধান মন্ত্ৰীয়ে গুৰুত্ব সহকাৰে লৈছে ৷ দেশজুৰি এই ক্ষেত্ৰত যাবতীয় ব্যৱস্থা লোৱা হৈছে ৷"

আনহাতে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিয়ুজ হাজৰিকাই অসমত কি কি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ বিৱৰণ দিয়ে ৷
Published by:Himangshu Bhuyan
First published: