আহমেদাবাদৰ এছভিপি চিকিৎসালয়ৰ আদৰণীয় পদক্ষেপ । সাধাৰণ ৱাৰ্ডৰ কোভিড ৰোগীসকলৰ মনোবৰ বৃদ্ধিৰ বাবে লৈছে এই বিশেষ পদক্ষেপ ।
আহমেদাবাদৰ এছভিপি চিকিৎসালয়ৰ আদৰণীয় পদক্ষেপ । সাধাৰণ ৱাৰ্ডৰ কোভিড ৰোগীসকলৰ মনোবৰ বৃদ্ধিৰ বাবে লৈছে এই বিশেষ পদক্ষেপ ।
কোভিডৰ ভয়াৱহ সংক্ৰমণ আৰু মৃত্যুৰ হাৰে দেশবাসীৰ মানসিক স্থিতিত বিৰূপ প্ৰভাৱ পেলোৱাৰ লগতে এতিয়া ভয়-শংকাত সকলোৱে পাৰ কৰিছে প্ৰতিটো দিন । এনে পৰিস্থিতি বিশেষকৈ চিকিৎসাধীন হৈ থকা কোভিড পজিটিভ ৰোগীসকলৰো ভাঙি পৰিছে মনোবল । যাৰ বাবে এতিয়া ৰোগীসকলক মানসিকভাৱে উত্সাহিত কৰিবলৈ আৰু তেওঁলোকৰ মনোবল বৃদ্ধি, কিছু আনন্দ প্ৰদান কৰিবলৈ গুজৰাটৰ এছভিপি চিকিৎসালয়ে হাতত লৈছে এই বিশেষ পদক্ষেপ ।
সংগীতৰ অনুষ্ঠানৰ "অন্তক্ষৰী" অনুষ্ঠানৰ আয়োজনেৰে চিকিৎসালয়ৰ সাধাৰণ ৱাৰ্ডত চিকিৎসাধীন হৈ থকা কোভিড ৰোগীসকলৰ মনোবল বৃদ্ধিৰ বাবে চেষ্টা চলোৱা হৈছে । য'ত তিনিগৰাকী চিকিৎসকে গীতাৰ বজাই গান গোৱা পৰিলক্ষিত হৈছিল । সকলো দুখ-কষ্ট পাহৰি চিকিৎসকে এনেদৰে কোভিড ৰোগীসকলক আনন্দিত কৰিবলৈ চেষ্টা কৰাৰ এই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে সকলোৱে এই কাৰ্যক প্ৰশংসাৰ দৃষ্টিৰে চাইছে ।
ইপিনে এই সম্পৰ্কত এছভিপি চিকিৎসালয়ৰ ডিন ডাঃ প্ৰতীক পেটেলে IANSক কয় এনেদৰে, "আমাৰ একাংশ নাৰ্চিং কৰ্মচাৰী, এছভিপি চিকিৎসালয়ৰ সৈতে জড়িত এনএইচএল মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ নিজৰ নিজৰ প্ৰতিভাৰ জৰিয়তে কোভিড ৰোগীসকলক মনোৰঞ্জন দিয়াৰ পৰামৰ্শ লৈ আমাৰ ওচৰলৈ আহিছিল । আমি আমাৰ বিশেষ কৰ্তব্যৰত বিষয়া ডাঃ আশীষ ৰাজাৰ সৈতে এই সম্পৰ্কত আলোচনা কৰিছিলো আৰু তেওঁলোকক সন্মতি প্ৰদান কৰিছিলো । যাৰ ফলাফল আছিল অত্যন্ত উৎসাহজনক । "
পেটেলে লগতে কয়, " টিভি চেনেল বা বাতৰি কাকতত প্ৰতিদিনে দেখুওৱা ভিন্ন বিষাদেৰে ভৰা খবৰৰ বিপৰীতে আমি তেওঁলোকক বিগত এসপ্তাহৰ পৰা মনোৰঞ্জন দি আহিছো । যাতে তেওঁলোক মানসিকভাৱে ভাঙি নপৰে । আমাৰ হাতত আৰু কিছুমান মনোৰঞ্জনমূলক ধাৰণা আছে, যিবোৰ আমি অনাগত দিনত আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছো।"
সঁচাকৈয়ে দেশত চলি থকা ভয়াৱহ খবৰবোৰে সকলোকে হতাশ কৰি তোলাৰ সময়তে কোভিড ৰোগীৰ বাবে এছভিপি চিকিৎসালয় কৰ্তৃপক্ষই হাতত লোৱা এই পদক্ষেপে কিছু সকাহ প্ৰদান কৰিব ৰোগীসকলক ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|