‘কোৰোণা ভাইৰাছত মৃত্যু হোৱা লোকৰ নহ’ব মৰণোত্তৰ পৰীক্ষা, পৰিয়ালেও চুব নোৱাৰিব মৃতদেহ’

News18 Assam | News18-Assam
Updated:March 24, 2020, 9:45 AM IST
‘কোৰোণা ভাইৰাছত মৃত্যু হোৱা লোকৰ নহ’ব মৰণোত্তৰ পৰীক্ষা, পৰিয়ালেও চুব নোৱাৰিব মৃতদেহ’
বিশেষজ্ঞই কয় যে সাৱধানতা অৱলম্বন কৰিলে স্বাস্থ্যকৰ্মী বা পৰিয়ালৰ সদস্যৰ দেহলৈ সংক্ৰমিত হোৱাৰ বহু কম সম্ভাৱনা থাকে।

বিশেষজ্ঞই কয় যে সাৱধানতা অৱলম্বন কৰিলে স্বাস্থ্যকৰ্মী বা পৰিয়ালৰ সদস্যৰ দেহলৈ সংক্ৰমিত হোৱাৰ বহু কম সম্ভাৱনা থাকে।

  • Share this:
পশ্চিম বংগ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ মৃতদেহ গতাই দিয়া নহয় পৰিয়ালক। উত্তৰ ২৪ পৰগনাস্থিত দমদমৰ বাসিন্দা ৫৭ বছৰীয়া এজন লোকৰ শৰীৰৰ বিভিন্ন অংগই সোমবাৰৰ বিয়লি ৩.৩৫ বজাৰ পৰা কাম কৰা বন্ধ কৰি দিছিল, যাৰ ফলত লোকজনৰ মৃত্যু হৈছিল। কোৰোণা ভাইৰাছৰ মাজত আক্ৰান্তৰ মৃতদেহ কেনেকৈ চম্ভালিব লাগে, সেই বিষয়ত সজাগতাৰ অভাৱৰ বাবে ভাৰত চৰকাৰে বহু পৰামৰ্শ জাৰি কৰিছে।

বিশেষজ্ঞই কয় যে সাৱধানতা অৱলম্বন কৰিলে স্বাস্থ্যকৰ্মী বা পৰিয়ালৰ সদস্যৰ দেহলৈ সংক্ৰমিত হোৱাৰ বহু কম সম্ভাৱনা থাকে। কোৰোণা ভাইৰাছ ৰোগীৰ হাওঁফাওঁত আক্ৰমণ কৰে, সেইবাবে চৰকাৰে মৰণোত্তৰ পৰীক্ষা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

চৰকাৰী নিৰ্দেশনাত কোৱা হৈছে যে যিটো বেগত মৃতদেহটো থোৱা হ’ব সেয়া সংক্ৰমণৰোধী হোৱাটো প্ৰয়োজনীয়। যিকোনো ঘা থাকিলে সেয়া ডিজইনফেক্ট কৰা হ’ব। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি এই ব্যৱস্থা গ্ৰহণ কৰা বুলি জনায় এজন জ্যেষ্ঠ চিকিৎসকে।
Published by: Sanjay Kumar Das
First published: March 24, 2020, 9:45 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading