Corona Awareness: গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ে WHOৰ গাইডলাইন মতে প্ৰস্তুত কৰিছে হেণ্ড চেনিটাইজাৰ, চিকিৎসা মহাবিদ্যালয়ৰ প্ৰয়োজনীয়তা পূৰণ

News18 Assam | News18-Assam
Updated:March 21, 2020, 5:08 PM IST
Corona Awareness: গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ে WHOৰ গাইডলাইন মতে প্ৰস্তুত কৰিছে হেণ্ড চেনিটাইজাৰ, চিকিৎসা মহাবিদ্যালয়ৰ প্ৰয়োজনীয়তা পূৰণ
অধ্যাপক ড০ প্ৰদ্যুম্ন গোস্বামীয়ে মহাবিদ্যালয়খনৰ চিকিৎসক তথা ৰোগীৰ বাবে মহাবিদ্যালয় খনৰ জৈৱ ৰসায়ন বিজ্ঞানৰ গৱেষণাগাৰত WHO ৰ গাইডলাইন অনুসৰি হেণ্ড চেনিটাইজাৰ প্ৰস্তুত কৰি উলিয়ায় ।

অধ্যাপক ড০ প্ৰদ্যুম্ন গোস্বামীয়ে মহাবিদ্যালয়খনৰ চিকিৎসক তথা ৰোগীৰ বাবে মহাবিদ্যালয় খনৰ জৈৱ ৰসায়ন বিজ্ঞানৰ গৱেষণাগাৰত WHO ৰ গাইডলাইন অনুসৰি হেণ্ড চেনিটাইজাৰ প্ৰস্তুত কৰি উলিয়ায় ।

  • Share this:
কোৰোণাৰ ভয়াৱহতা ৰোধ কৰিবলৈ চৌদিশে সজাগতাৰ সৃষ্টি কৰিবলৈ প্ৰয়াস চলোৱাৰ সময়তে গুৱাহাটীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ে লৈছে এক প্ৰশংসনীয় পদক্ষেপ। মহাবিদ্যালয়খন উদ্যোগত শণিবাৰে পুৱাৰে পৰা হাস্পতাল চৌহদত কোৰোণাৰ ভয়াবহ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি এক সজাগতা সভাৰ আয়োজন কৰা হয় ৷ এই সজাগতা সভাৰ লগতে বিশিষ্ট লেখক, বিশ্লেষক তথা মহাবিদ্যালয়খনৰ ৰসায়ন বিজ্ঞানৰ সহকাৰী অধ্যাপক ড০ প্ৰদ্যুম্ন গোস্বামীয়ে মহাবিদ্যালয়খনৰ চিকিৎসক তথা ৰোগীৰ বাবে মহাবিদ্যালয় খনৰ জৈৱ ৰসায়ন বিজ্ঞানৰ গৱেষণাগাৰত WHO ৰ গাইডলাইন অনুসৰি হেণ্ড চেনিটাইজাৰ প্ৰস্তুত কৰি উলিয়ায় ।

উল্লেখ্য যে, ড০ প্ৰদ্যুম্ন গোস্বামীয়ে বৰ্তমানৰ পৰিস্থিতিৰ বাবে বিগত ১৯ মাৰ্চ তাৰিখে অসমৰ মহাবিদ্যালয় সমূহৰ ৰসায়ন বিজ্ঞান বিভাগক WHO ৰ গাইডলাইন অনুসৰি হেণ্ড চেনিটাইজাৰ প্ৰস্তুত কৰি ৰাইজৰ মাজত বিতৰণ কৰিবলৈ ফেচবুকৰ জৰিয়তে এক আহ্বান জনাইছিল। অধ্যাপকজনৰ আহ্বানৰ পিছতে  অসমৰ কেইবাখনো ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগে গাইডলাইন অনুসৰি হেণ্ড চেনিটাইজাৰ প্ৰস্তুত কৰি উলিয়ায় ।

ইয়াৰ লগতে, আয়ুৰ্বেদিক চিকিৎসক ডাঃ নৱ হাজৰিকাৰ নেতৃত্বত এটি দলে আয়ুৰ্বেদিক পদ্ধতিৰে এক নতুন হেণ্ড চেনিটাইজাৰ প্ৰস্তুত কৰি উলিয়াইছে ৷ আনহাতে তেওঁলোকে বিশেষ ভাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবৰ বাবে এক ঔষধ ব্যৱহাৰ কৰিছে ৷ যাক সেৱন কৰাৰ পাছত ভাইৰাছে সহজে মানুহৰ গাত আশ্ৰয় লব নোৱাৰে ৷ বৰ্তমান চৰকাৰী আয়ুবেদিক মহাবিদ্যালয়ৰ কৰ্মী আৰু ৰোগীসকলক লৈ চলিছে তেওঁলোকৰ অভিযান ৷ প্ৰতিৰোধ ক্ষমতা বঢ়াবৰ বাবে ব্যৱহাৰ কৰা ঔষধটোৰ নাম হৈছে গিলোয় ৷
Published by: Tulika Devi
First published: March 21, 2020, 5:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading