ক’ৰোণাৰ বিৰুদ্ধে যুদ্ধ, ৰাজ্যিক কৰ্মচাৰীৰ মাৰ্চ মাহৰ দৰমহা ২০% পৰ্যন্ত হ’ব কৰ্তন

News18 Assam | News18-Assam
Updated:March 27, 2020, 2:53 PM IST
ক’ৰোণাৰ বিৰুদ্ধে যুদ্ধ, ৰাজ্যিক কৰ্মচাৰীৰ মাৰ্চ মাহৰ দৰমহা ২০% পৰ্যন্ত হ’ব কৰ্তন
বিত্তমন্ত্ৰী আৰু কৰ্মচাৰী পৰিষদৰ বৈঠকৰ পিছতে লোৱা হয় এই সিদ্ধান্ত

বিত্তমন্ত্ৰী আৰু কৰ্মচাৰী পৰিষদৰ বৈঠকৰ পিছতে লোৱা হয় এই সিদ্ধান্ত

  • Share this:
সমগ্ৰ দেশতে এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস। দেশত এই পৰ্যন্ত ৭২২গৰাকীৰ দেহত পোৱা গৈছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি। অসমতো এতিয়া ক’ৰোণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ বিশেষ ব্যৱস্থা হাতত লোৱা হৈছে। ক’ৰোণাৰ বিৰুদ্ধে যুঁজ কৰিবলৈ অসম চৰকাৰৰ বিত্ত বিভাগে কৰ্মচাৰীৰ দৰমহাৰ সন্দৰ্ভত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰাজ্যিক কৰ্মচাৰীৰ মাৰ্চ মাহৰ দৰমহাৰ ১০ৰ পৰা ২০% কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিত্ত বিভাগে। বিত্তমন্ত্ৰী আৰু কৰ্মচাৰী পৰিষদৰ বৈঠকৰ পিছতে লোৱা হয় এই সিদ্ধান্ত। কিন্তু কৰ্তন কৰা দৰমহা ৪.৫%সূদৰ হাৰত অহা বিত্তীয় বৰ্ষত উভতাই দিব চৰকাৰে। চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে  কৰ্মচাৰী পৰিষদে।
Published by: Himangshu Bhuyan
First published: March 27, 2020, 2:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি