ভাৰতীয় চিকিৎসকে উদ্ভাৱন কৰিলে কোৰোণা ভাইৰাছৰ ঔষধ!

News18 Assam | News18-Assam
Updated:March 20, 2020, 10:08 AM IST
ভাৰতীয় চিকিৎসকে উদ্ভাৱন কৰিলে কোৰোণা ভাইৰাছৰ ঔষধ!
এই ঔষধেৰে তিনিজন ৰোগী সম্পূৰ্ণৰূপে সুস্থ হোৱা বুলিও দাবী কৰিছে হাস্পতালখনৰ চিকিৎসকে।

এই ঔষধেৰে তিনিজন ৰোগী সম্পূৰ্ণৰূপে সুস্থ হোৱা বুলিও দাবী কৰিছে হাস্পতালখনৰ চিকিৎসকে।

  • Share this:
বিশ্বজুৰি কোৰোণা ভাইৰাছৰ অব্যাহত থকাৰ মাজতে এটা আশাৰ খবৰ। জয়পুৰৰ ছৱাই মান সিং হাস্পতালৰ চিকিৎসকৰ দলে কোৰোণা ভাইৰাছৰ ঔষধ উদ্ভাৱন কৰাৰ দাবী কৰিছে। এই ঔষধেৰে তিনিজন ৰোগী সম্পূৰ্ণৰূপে সুস্থ হোৱা বুলিও দাবী কৰিছে হাস্পতালখনৰ চিকিৎসকে।

NEWS24ৰ খবৰ অনুসৰি, কোৰোণাক ধ্বংস কৰিব পৰা এই ঔষধ উদ্ভাৱন কৰি জয়পুৰৰ ছৱাই মান সিং হাস্পতাল নিশাটোৰ ভিতৰতে বিখ্যাত হৈ পৰিছে সমগ্ৰ বিশ্বত। হাস্পতালখনৰ চিকিৎসকে যি ঔষধৰ দ্বাৰা কোৰোণাত আক্ৰান্ত ৰোগীক সুস্থ কৰি তুলিছে তাৰ তথ্য বিচাৰি বিশ্বৰ বহু চিকিৎসকে হাস্পতালখনৰ সৈতে যোগাযোগ কৰিছে। আচলতে চিকিৎসকৰ দলটোৱে ছোৱাইন ফ্লু, মেলেৰিয়া আৰু এইচ আই ভিৰ ঔষধেৰে প্ৰস্তুত কৰিছে এই ঔষধ। যিটোৱে কোৰোণা ভাইৰাছৰ ৰোগীৰ ক্ষেত্ৰত ফলপ্ৰসূ হোৱা বুলি দাবী কৰিছে।

ছৱাই মান সিং হাস্পতালৰ চিকিৎসকে ইটালীৰ দুই লোকৰ লগতে জয়পুৰৰ এজন লোকক কোৰোণা ভাইৰাছৰ পৰা মুক্ত কৰিছে। জয়পুৰৰ এজন ৮৫ বছৰীয়া লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে। আনহাতে, ইটালীৰ এজন ৭০ বছৰীয়া বৃদ্ধা আৰু এজন ৬৯ বছৰীয়া লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে। ভাৰততো কোৰোণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও চিকিৎসকসকলে যিধৰণে কাম কৰিছে, কোৰোণাৰ পৰাজয় নিশ্চিত বুলি ধাৰণা কৰা হৈছে।
Published by: Sanjay Kumar Das
First published: March 20, 2020, 10:08 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading