মুখ্যপৃষ্ঠা » খবৰ

» Corona

»Covid-19 in Golaghat: ক'ৰোনাৰ গ্ৰাসৰ পৰা মুক্ত হোৱা নাই গোলাঘাট জিলা ! মঙলবাৰ-বুধবাৰে গোলাঘাট জিলাত সম্পূৰ্ণ লক ডাউন ঘোষণা...

Covid-19 in Golaghat: ক'ৰোনাৰ গ্ৰাসৰ পৰা মুক্ত হোৱা নাই গোলাঘাট জিলা ! মঙলবাৰ-বুধবাৰে গোলাঘাট জিলাত সম্পূৰ্ণ লক ডাউন ঘোষণা...

News18 Assam | News18-Assam
Updated:July 12, 2021, 3:35 PM IST
Covid-19 in Golaghat: ক'ৰোনাৰ গ্ৰাসৰ পৰা মুক্ত হোৱা নাই গোলাঘাট জিলা ! মঙলবাৰ-বুধবাৰে গোলাঘাট জিলাত সম্পূৰ্ণ লক ডাউন ঘোষণা...
গোলাঘাট জিলাত উন্নত হোৱা নাই ক'ভিড পৰিস্থিতি ৷ যাৰবাবে গোলাঘাট জিলা প্ৰশাসনে জিলাখনত ১৩ আৰু ১৪ জুলাইত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে ৷

গোলাঘাট জিলাত উন্নত হোৱা নাই ক'ভিড পৰিস্থিতি ৷ যাৰবাবে গোলাঘাট জিলা প্ৰশাসনে জিলাখনত ১৩ আৰু ১৪ জুলাইত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে ৷

  • Share this:
গোলাঘাট জিলাত উন্নত হোৱা নাই ক'ভিড পৰিস্থিতি ৷ যাৰবাবে গোলাঘাট জিলা প্ৰশাসনে জিলাখনত ১৩ আৰু ১৪ জুলাইত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে ৷

গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই দিয়া নিৰ্দেশ অনুসৰি এই দুয়োটা দিনত স্বাস্থ্য সেৱা,গাখীৰ যোগানৰ বাহিৰে অন্যান্য সেৱাসমুহ সম্পূৰ্ণৰূপে বন্ধ থাকিব ৷ জিলাখনৰ ভিতৰত সৰ্বাধিক আক্ৰান্ত বোকাখাত মহকুমাত দেওবাৰে ৩৭ জন কভিডত আক্ৰান্ত হোৱাত  পজিটিভিটিৰ হাৰ ৩.৬৮ হয় ৷ দ্বিতীয় সপ্তাহত ভৰি দিয়া বোকাখাত মহকুমা কণ্টেইনমেন্ট জ'নত মহকুমাৰ ৫ টা অঞ্চল মাইক্ৰ' কণ্টেইনমেন্ট জ'নত আছে।  বৰ্তমানলৈকে ৩১ জন ক'ভিড আক্ৰান্ত হৈ মৃত্যু হোৱাৰ বিপৰীতে বহিঃৰাজ্যত থকা মহকুমাটোৰ ৪ জন লোকৰ ক'ভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৷ ক'ভিডৰ দ্বিতীয়টো লহৰত মহকুমাটোত মুঠ ৰেট টেষ্টত ৬২৬০৩ আৰু আৰ টি পি চি আৰ ৫৩৭১ জনৰ, মুঠতে ৬৭৯৭৪ জনৰ কভিড পৰীক্ষা কৰা হৈছে ৷   মহকুমাটোৰ মুঠ আক্ৰান্ত লোকৰ সংখ্যা ৪১৬২ । সোমবাৰে গোলাঘাট জিলাত সৰ্বাধিক ৩০ হাজাৰ লোকক কভিড ভেকচিন প্ৰদান কৰে ৷ গোলাঘাটৰ নৱনিযুক্ত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই যোগদানৰ পাছতেই জিলাখনৰ ক'ভিড নিয়ন্ত্ৰণ কৰিবৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জিলাখনৰ ক'ভিড পৰিস্থিতি বুজ লৈ আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত পুলিচ বাহিনীক বোকাখাত, গোলাঘাট আৰু সৰুপথাৰ মহকুমাত ফ্লেগ মাৰ্চৰ নিৰ্দেশ দিছিল ৷ বোকাখাত মহকুমা প্ৰশাসনেও নুমলীগড় চাহ বাগিছাৰ দুৰ্গা পূজা মন্দিৰত চৰকাৰৰ অজ্ঞাতে হৈ থকা পূজা বন্ধ কৰাৰ লগতে বাগিছা কতৃপক্ষৰ বিৰুদ্ধে দুৰ্যোগ প্ৰশমন আইনৰ অধীনত গোচৰ ৰুজু কৰিছে ৷ গোলাঘাট জিলাৰ ভিতৰতে ক'ভিডৰ দ্বিতীয় লহৰৰ সময়ত ক'ভিড প্ৰট'কল ভংগ কৰাৰ প্ৰথমটো গোচৰ হ'ব ৷ সমান্তৰালভাৱে ক'ভিড নিয়ন্ত্ৰণৰ বাবে আৰক্ষী প্ৰশাসনেও তৎপৰতা প্ৰদৰ্শন কৰিছে ৷ বিয়াগোম আবকাৰী বিভাগ থকাৰ পাছতো বোকাখাতৰ বিভিন্ন স্থানত অবৈধ চুলাই মদৰ ভাটিত অভিযান চলাইছে আৰু ভাটিসমুহ উচ্ছেদ কৰিছে ৷
Published by: Kokil Sarma
First published: July 12, 2021, 3:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি