• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • Covid-19 India: কোৰোণা সংক্ৰমণৰ বাবে গোৱাত চৰকাৰে বাতিল কৰিলে ফিল্ম আৰু সকলো দূৰদৰ্শন অনুষ্ঠানৰ দৃশ্যগ্ৰহণ।

Covid-19 India: কোৰোণা সংক্ৰমণৰ বাবে গোৱাত চৰকাৰে বাতিল কৰিলে ফিল্ম আৰু সকলো দূৰদৰ্শন অনুষ্ঠানৰ দৃশ্যগ্ৰহণ।

গোৱাত বুধবাৰে ৩,৪৯৬ টা নতুন কোৰোণা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছিল। ৰাজ্যখনত ৭১ গৰাকী ৰোগীৰ মৃত্যুৰ পিছত মুঠ মৃতকৰ সংখ্যা ১,৪৪৩ গৰাকীলৈ বৃদ্ধি হৈছিল।

গোৱাত বুধবাৰে ৩,৪৯৬ টা নতুন কোৰোণা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছিল। ৰাজ্যখনত ৭১ গৰাকী ৰোগীৰ মৃত্যুৰ পিছত মুঠ মৃতকৰ সংখ্যা ১,৪৪৩ গৰাকীলৈ বৃদ্ধি হৈছিল।

গোৱাত বুধবাৰে ৩,৪৯৬ টা নতুন কোৰোণা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছিল। ৰাজ্যখনত ৭১ গৰাকী ৰোগীৰ মৃত্যুৰ পিছত মুঠ মৃতকৰ সংখ্যা ১,৪৪৩ গৰাকীলৈ বৃদ্ধি হৈছিল।

  • Share this:
কোৰোণা সংক্ৰমণৰ প্ৰতি লক্ষ ৰাখি গোৱা চৰকাৰে (Goa Government) চলচ্চিত্ৰ আৰু দূৰদৰ্শন অনুষ্ঠানৰ সকলোধৰণৰ দৃশ্যগ্ৰহণ বাতিল কৰিছে। ৰাজ্যখনত ক’ভিড-১৯ (Covid-19)ৰ বৰ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে এণ্টাৰটেইনমেণ্ট ছচাইটি অৱ গোৱা (ESG)ই চলচ্চিত্ৰ আৰু দূৰদৰ্শন অনুষ্ঠানৰ দৃশ্যগ্ৰহণৰ বাবে প্ৰদান কৰা সকলো অনুমতি বাতিল কৰে।

ইএছজি হৈছে গোৱা চৰকাৰৰ নোডেল এজেঞ্চী যাৰ ৰাজ্যখনত বাণিজ্যিক দৃশ্যগ্ৰহণৰ অনুমতি দিয়াৰ ক্ষমতা আছে। ইএছজিৰ উপ-সভাপতি সুভাষ ফলদেশাই পিটিআইক কৈছিল যে মুম্বাই আৰু চেন্নাইৰ কেইবাখনো চলচ্চিত্ৰ আৰু দূৰদৰ্শন অনুষ্ঠানৰ প্ৰযোজকে দেশৰ বহু ঠাইত কোৰোণা সংক্ৰমণৰ ঘটনা বৃদ্ধি হোৱাৰ বাবে গোৱাত শ্বুটিঙ আৰম্ভ কৰিছিল। ফলদেশাই কৈছিল যে ৰাজ্যখনত পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে গোৱাত চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ সকলো অনুমতি বাতিল কৰা হৈছে।

তেওঁ কয়, 'আমি ৰাজ্যখনৰ কোনো ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তি ক্ষেত্ৰত চলচ্চিত্ৰ আৰু ধাৰাবাহিকৰ দৃশ্যগ্ৰহণৰ অনুমতি নিদিওঁ। পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত ইএছজিয়ে ইয়াৰ সিদ্ধান্ত পুনৰীক্ষণ কৰিব।‘

কেইদিনমান আগতে, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে ৩ মে'লৈকে লকডাউন ঘোষণা কৰিছিল, কিন্তু টিভি শ্বুটিঙ অব্যাহত ৰাখিবলৈ অনুমতি দিয়া হৈছিল কিয়নো তেওঁলোকে ৰিজৰ্ট আৰু ভিলাত চিত্ৰগ্ৰহণ কৰি আছিল। অৱশ্যে, এতিয়া বাঢ়ি অহা ঘটনাৰ সৈতে, গোৱা চৰকাৰে এতিয়াৰ পৰা সকলো শ্বুটিঙ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

চৰকাৰী তথ্য অনুসৰি, গোৱাত বুধবাৰে ৩,৪৯৬ টা নতুন কোৰোণা ভাইৰাছ সংক্ৰমণ ধৰা পৰিছিল। মুঠ সংক্ৰমিত লোকৰ সংখ্যা ১,০৪,৩৯৮ত উপনীত হৈছিল। আনহাতে ৰাজ্যখনত ৭১ গৰাকী ৰোগীৰ মৃত্যুৰ পিছত মুঠ মৃতকৰ সংখ্যা ১,৪৪৩ গৰাকীলৈ বৃদ্ধি হৈছিল।

শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এদিনত অভিলেখ সংখ্যক ৪,১৪,১৮৮ টা নতুন ক’ৰনা ভাইৰাছ সংক্ৰমণ ঘটনাৰ সৈতে, ভাৰতৰ মুঠ ক’ভিড-১৯ ৰোগীৰ সংখ্যা ২,১৪,৯১,৫৯৮ লৈ বৃদ্ধি পাইছে, আনহাতে সক্ৰিয় আক্ৰান্ত ৩৬ লাখৰ সীমা অতিক্ৰম কৰিছে।বিগত ২৪ ঘণ্টাৰ ভিতৰত ৩,৯১৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে মৃত্যুৰ সংখ্যা মুঠ ২,৩৪,০৮৩ লৈ বৃদ্ধি পাইছে।

News link: https://hindi.news18.com/news/entertainment/bollywood-covid-19-effect-goa-government-cancels-shooting-of-films-and-tv-shows-in-the-state-nodkp-3580299.html
Published by:Manjumoni Borah
First published: