• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • গৌতম গম্ভীৰ ফাউণ্ডেচনক কোভিড-১৯ৰ ঔষধৰ অবৈধ মজুতকৰণত দোষী সাব্যস্ত। ফেবিফ্লু দৰৱ অবৈধভাৱে মজুত কৰাৰ অভিযোগ।

গৌতম গম্ভীৰ ফাউণ্ডেচনক কোভিড-১৯ৰ ঔষধৰ অবৈধ মজুতকৰণত দোষী সাব্যস্ত। ফেবিফ্লু দৰৱ অবৈধভাৱে মজুত কৰাৰ অভিযোগ।

গৌতম গম্ভীৰ ফাউণ্ডেচনে ২৩৪৯টা ফেবিফ্লু ষ্ট্ৰীপ কিনিছিল আৰু ১১৩৯ গৰাকী ৰোগীৰ মাজত বিতৰণ কৰিছিল।

গৌতম গম্ভীৰ ফাউণ্ডেচনে ২৩৪৯টা ফেবিফ্লু ষ্ট্ৰীপ কিনিছিল আৰু ১১৩৯ গৰাকী ৰোগীৰ মাজত বিতৰণ কৰিছিল।

গৌতম গম্ভীৰ ফাউণ্ডেচনে ২৩৪৯টা ফেবিফ্লু ষ্ট্ৰীপ কিনিছিল আৰু ১১৩৯ গৰাকী ৰোগীৰ মাজত বিতৰণ কৰিছিল।

  • Share this:
কোভিড ১৯ চিকিৎসাৰ ঔষধ অবৈধভাৱে মজুত কৰাৰ দোষত অভিযুক্ত হৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিজেপিৰ সাংসদ গৌতম গম্ভীৰৰ বোচৰকাৰী সংস্থা। গৌতম গম্ভীৰ ফাউণ্ডেচনক কোভিড-১৯ৰ ঔষধ ফেবিফ্লু (Fabiflu) অবৈধভাৱে সংগ্ৰহ, মজুতকৰণ আৰু বিতৰণৰ ক্ষেত্ৰত দোষী সাব্যস্ত কৰিছে দিল্লী ড্ৰাগ কণ্ট্ৰ'লাৰে। দিল্লী ড্ৰাগ কণ্ট্ৰ'লাৰে ইতিমধ্যে দিল্লী উচ্চ ন্যায়ালয়ক এই সম্পৰ্কে অবগত কৰিছে আৰু ন্যায়ালয়েও কঠোৰ স্থিতি গ্ৰহণ কৰিছে গৌতম গম্ভীৰ ফাউণ্ডেচনৰ বিৰুদ্ধে।

দিল্লী ড্ৰাগ কণ্ট্ৰ'লাৰৰ তৰফৰ পৰা ন্যায়ালয়ক জনোৱা মতে গৌতম গম্ভীৰ ফাউণ্ডেচনে ২৩৪৯টা ফেবিফ্লু  ষ্ট্ৰীপ কিনিছিল আৰু ১১৩৯ গৰাকী ৰোগীৰ মাজত বিতৰণ কৰিছিল। ফাউণ্ডেচনে ১২০টা অক্সিজেনৰ চিলিণ্ডাৰ ক্ৰয় কৰিছিল আৰু বিক্ৰেতাৰ দ্বাৰা সেই চিলিণ্ডাৰসমূহ পুনৰ ভৰোৱা হৈছিল। কিন্তু ফাউণ্ডেচনে সংশ্লিষ্ট বিভাগৰ পৰা লোৱা নাছিল কোনো অনুমতি।

ন্যায়ালয়ে এই সম্পৰ্কে অধিক অনুসন্ধান কৰিবলৈ আৰু আইন মতে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিল্লী ড্ৰাগ কণ্ট্ৰ'লাৰক নিৰ্দেশ দিছে। লগতে কোভিড-১৯ৰ ঔষধ আৰু অক্সিজেনৰ চোৰাং বেপাৰ কৰা সকলো লোকৰ বিৰুদ্ধে তদন্ত কৰিবলৈ নিৰ্দেশ দিছে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি