দুধনৈৰ এখন গাঁৱতে ১৮ গৰাকী পুৰুষ মহিলাৰ দেহত ধৰা পৰিল কোৰোণা ৷ এক অন্ত্যষ্টিক্ৰিয়া অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিচতে গাঁৱখনত বৃদ্ধি পালে সংক্ৰমণ! তাৰ মাজতে আন এক অনাকাংক্ষিত ঘটনা সংঘটিত হ’ল গাঁওখনত । ৰোগী সকলক নিবলৈ এম্বুলেন্স অহাৰ সময়তে সেই ঠাইৰ পৰা দৌৰি পলায়ন কৰে ১৮ গৰাকী পজিটিভ ৰোগীয়ে ৷ অৱশেষত আৰক্ষীৰ তৎপৰতাত আটাইকেইগৰাকীকে ভৰ্তি কৰোৱা হ’ল চিকিৎসালয়ত ৷
ইফালে এখন গাঁৱত এদিনতে ১৮ জন লোক আক্ৰান্ত হোৱাৰ বাতৰিয়ে সাধাৰণতে চিন্তিত কৰিছে দুধনৈবাসীক। জানিব পৰা মতে, এই বাখ্ৰাপুল গাঁৱত কিছুদিন পূৰ্বে কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হৈছিল এজন লোকৰ ৷ মৃত্যু হোৱা লোকজনৰ অন্ত্যষ্টিক্ৰিয়া অনুষ্ঠানত গাঁৱখনৰ বহুলোকে ভিৰ কৰিছিল আৰু তাৰ পিচতে ১৮ গৰাকী ক’ৰোনা পজিটিভ হয়। দুধনৈৰ অকল বাখ্ৰপুলতে নহয় দুধনৈ চিকিৎসালয়তো ১২ গৰাকী পজিটিভ ৰোগী চিনাক্ত হয় ৷ এটা দিনত এখন ঠাইত ৩০ গৰাকী পজিটিভ হোৱা পিচত এতিয়া একপ্ৰকাৰ আতংকিত হৈ পৰিছে দুধনৈবাসী ৷