চৰকাৰে দেশৰ ২১কোটি মহিলাৰ একাউণ্টত প্ৰতিমাহে জমা কৰিব এই ধনৰাশি

News18 Assam | News18-Assam
Updated:March 26, 2020, 3:58 PM IST
চৰকাৰে দেশৰ ২১কোটি মহিলাৰ একাউণ্টত প্ৰতিমাহে জমা কৰিব এই ধনৰাশি
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মহিলাৰ বাবে জনধন একাউণ্টত তিনি মাহ পৰ্যন্ত ৫০০ টকাকৈ জমা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মহিলাৰ বাবে জনধন একাউণ্টত তিনি মাহ পৰ্যন্ত ৫০০ টকাকৈ জমা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

  • Share this:
সমগ্ৰ দেশতে এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস। এতিয়ালৈকে দেশৰ ৬৪৯ জন লোকৰ দেহত ক’ৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। ক’ৰোণাৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে ল’ক ডাউন ঘোষণা কৰিছে। ল’ক ডাউনৰ ফলত এতিয়া ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে দেশৰ অৰ্থ ব্যৱস্থা। বৃহস্পতিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আয়োজন কৰে সংবাদমেলৰ।

ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশতে হোৱা ল’ক ডাউনৰ ফলত সাধাৰণ নাগৰিক সমস্যাৰ সন্মুখীন হৈছে। এই লোকসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে  বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে লৈছে ডাঙৰ সিদ্ধান্ত। মহিলাৰ বাবে জনধন একাউণ্টত তিনি মাহ পৰ্যন্ত ৫০০ টকাকৈ জমা কৰাৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে। ইয়াৰ ফলত প্ৰায় ২০.৫০ কোটি মহিলা প্ৰত্যক্ষ ভাবে লাভান্বিত হ’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি