লকডাউন : ফ্লিপকাৰ্টে বন্ধ কৰিলে নিজৰ সকলো সেৱা, দিলে গুৰুত্বপূৰ্ণ বাৰ্তা

News18 Assam | News18-Assam
Updated:March 25, 2020, 10:57 AM IST
লকডাউন : ফ্লিপকাৰ্টে বন্ধ কৰিলে নিজৰ সকলো সেৱা, দিলে গুৰুত্বপূৰ্ণ বাৰ্তা
ফ্লিপকাৰ্ট ডট কম খুলিলেই পেজত এখন বেনাৰত দেখা গৈছে এটা বাৰ্তা।

ফ্লিপকাৰ্ট ডট কম খুলিলেই পেজত এখন বেনাৰত দেখা গৈছে এটা বাৰ্তা।

  • Share this:
কোৰোণা ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশজুৰি ঘোষণা কৰা হৈছে লকডাউন। জনপ্ৰিয় ই–কমাৰ্চ কোম্পানী ফ্লিপকাৰ্টে নিজৰ সেৱা অস্থায়ীৰূপে বন্ধ কৰিছে। ফ্লিপকাৰ্ট ডট কম খুলিলেই পেজত এখন বেনাৰত দেখা গৈছে এটা বাৰ্তা। লিখা হৈছে – ‘আমি আমাৰ সেৱা অস্থায়ীৰূপে বন্ধ কৰিছো। আমাৰ বাবে আপোনাৰ প্ৰয়োজন সকলোতকৈ আগত, আৰু আমি প্ৰতিশ্ৰুতি দিছো যে যিমান সোনকালে সম্ভৱ হয় আমি উভতি আহিম। এয়া অতি বিপজ্জনক সময়, এনেকুৱা পূৰ্বে হোৱা নাছিল। এনেকুৱা কেতিয়াও হোৱা নাছিল যে মানুহে সুৰক্ষিত হ’বলৈ এজনে আনজনৰ পৰা দূৰত থাকিবলগীয়া হৈছে। আমাৰ আহ্বান আপুনিও ঘৰতে থাকক আৰু সুৰক্ষিত হৈ থাকক। আমি শীঘ্ৰে উভতি আহিম, আৰু আমাৰ একেলগে এই সমস্যাৰ পৰা ওলাই যাম।’

ইয়াৰ উপৰি পেজটো স্ক্র’ল ডাউন কৰিলে তলৰ ফালে COVID-19ক লৈ আৰু এটা স্বাস্থ্য সম্পৰ্কীয় এডভাইজৰী দিয়া হৈছে। ইয়াত বিমানবন্দৰত স্কেন কৰা যাত্ৰীৰ সংখ্যা, কোৰোণাৰ সক্ৰিয় ঘটনা, সুস্থ হোৱা ৰোগীৰ তথ্যসহ কেইবাটাও তথ্য দিয়া হৈছে। লগতে ইয়াত এটা হেল্পলাইন নম্বৰো দিয়া হৈছে। পেজত FAQs শাখাও দিয়া হৈছে য’ত আপুনি কোৰোণা ভাইৰাছ সম্পৰ্কীয় প্ৰশ্ন কৰিব পাৰিব।
আৰু চাওক
পৰৱৰ্তী বাতৰি