কোভিডৰ বাবে ২১ দিনে গহপুৰত আবদ্ধ বহিঃৰাজ্যৰ ৫ ছাত্ৰ-ছাত্ৰী। নিজ গৃহলৈ ঘূৰি যোৱাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান।

News18 Assam | News18-Assam
Updated:June 8, 2021, 9:23 PM IST
কোভিডৰ বাবে ২১ দিনে গহপুৰত আবদ্ধ বহিঃৰাজ্যৰ ৫ ছাত্ৰ-ছাত্ৰী। নিজ গৃহলৈ ঘূৰি যোৱাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান।
 তেজপুৰ অসামৰিক মানসিক চিকিৎসালয়লৈ ইণ্টাৰ্নছিপৰ বাবে আহিছিল ছাত্ৰ-ছাত্ৰী কেইগৰাকী।

 তেজপুৰ অসামৰিক মানসিক চিকিৎসালয়লৈ ইণ্টাৰ্নছিপৰ বাবে আহিছিল ছাত্ৰ-ছাত্ৰী কেইগৰাকী।

  • Share this:
তামিলনাডুৰ পণ্ডিচেৰী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ৫ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে ইণ্টাৰ্নছিপ কৰিবলৈ অসমলৈ আহি গহপুৰত বিগত ২১ দিনে আবদ্ধ হৈ থাকিব লগা হৈছে। জানিব পৰা মতে তেজপুৰ অসামৰিক মানসিক চিকিৎসালয়লৈ ইণ্টাৰ্নছিপৰ বাবে আহিছিল ছাত্ৰ-ছাত্ৰী কেইগৰাকী। গহপুৰৰ ব্ৰহ্মাজান ৰাঙলীয়ালৰ পৰিশ্মা দাস নামৰ এগৰাকী সহপাঠীৰ সৈতে ১৮ এপ্ৰিলত অসমলৈ আহিছিল এওলোক। পৰিশ্মা দাস ৰাঙলীয়াল  নিৱাসী ব্যৱসায়ী মহিম দাসৰ কন্যা।

আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীৰ ভিতৰত চাৰ'ণ ৰেনল্ড, শ্যাম কুমাৰ, জীয়াদ ৰেহমানৰ ঘৰ কেৰালাত, আব্দুল জেচীমৰ ঘৰ লাক্ষ্যাদ্বীপত  আৰু লভিকা কিন্নিমীৰ ঘৰ নাগালেণ্ডৰ ডিমাপুৰত।

কোভিডৰ ভয়াৱহ পৰিস্থিতিৰ বাবে চৰকাৰে আন্তঃ জিলা যাতায়াত বন্ধ কৰাৰ ফলত তেজপুৰতে আবদ্ধ হৈ পৰে ছাত্ৰ-ছাত্ৰী কেইগৰাকী। ফলত থকা-খোৱাৰ অসুবিধা হোৱাত সহপাঠী পৰিশ্মা দাসে নিজৰ ঘৰলৈ লৈ আহে।

বৰ্তমান মহিম দাসৰ ঘৰতে থকা বহিঃৰাজ্যৰ ছাত্ৰ-ছাত্ৰী কেইগৰাকী স্ব-গৃহলৈ ঘূৰি যোৱাত অসুবিধাৰ সন্মুখীন হৈছে। ছাত্ৰ-ছাত্ৰী কেইগৰাকীক নিজ গৃহলৈ যোৱাৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু বিশ্বনাথ জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে গহপুৰৰ বৌদ্ধিক মহলেও।

উল্লেখ্য যে কেৰালাৰ চাৰ'ণ ৰেনল্ডে উচ্চ শিক্ষাৰ বাবে লণ্ডনৰ এখন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে যোৱাটো অতিকৈ প্ৰয়োজনীয় আছিল।
Published by: Manjumoni Borah
First published: June 8, 2021, 9:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি