মুখ্যপৃষ্ঠা » খবৰ

» Corona

»Black Fungus : সাৱধান! ভাৰতত কিশোৰৰ দেহত প্ৰথমটো ব্লেক ফাংগাছৰ সংক্ৰমণৰ ঘটনা। কোভিড নিগেটিভ হোৱা পাছত আক্ৰান্ত ব্লেক ফাংগাছত।

Black Fungus : সাৱধান! ভাৰতত কিশোৰৰ দেহত প্ৰথমটো ব্লেক ফাংগাছৰ সংক্ৰমণৰ ঘটনা। কোভিড নিগেটিভ হোৱা পাছত আক্ৰান্ত ব্লেক ফাংগাছত।

News18 Assam | News18-Assam
Updated:May 23, 2021, 6:02 AM IST
Black Fungus : সাৱধান! ভাৰতত কিশোৰৰ দেহত প্ৰথমটো ব্লেক ফাংগাছৰ সংক্ৰমণৰ ঘটনা। কোভিড নিগেটিভ হোৱা পাছত আক্ৰান্ত ব্লেক ফাংগাছত।
প্রতীকী ছবি-shutterstock

আহমেদাবাদৰ ১৫ বছৰীয়া কিশোৰ আক্ৰান্ত ব্লেক ফাংগাছত। কিশোৰটিৰ দেহত দাঁতৰ বিষ, তালুত সৰু আলচাৰ হোৱাৰ লক্ষণ দেখা গৈছিল। অস্ত্ৰোপচাৰ কৰাৰ পাছত বৰ্তমান কিশোৰটি সুস্থ।

  • Share this:
কোৰোণাৰ মাজতে ত্ৰাসৰ আন এক কাৰণ হৈ অহা ব্লেক ফাংগাছ (Black Fungus)ৰ সংক্ৰমণে এইবাৰ টাৰ্গেট কৰিলে শিশু-কিশোৰক। ব্লেক ফাংগাছত কিশোৰ আক্ৰান্ত হোৱা প্ৰথমটো ঘটনা পোহৰলৈ আহিছে গুজৰাটত।

আহমেদাবাদৰ ১৫ বছৰীয়া এটি কিশোৰ আক্ৰান্ত হৈছে ব্লেক ফাংগাছত। কোভিড ১৯ (Covid 19)ত আক্ৰান্ত হৈ আছিল কিশোৰগৰাকী। আচৰিত কথাটো হ'ল কোভিড নিগেটিভ হোৱাৰ পাছতো ব্লেক ফাংগাছত আক্ৰান্ত হৈছে কিশোৰটি। মাত্ৰ এসপ্তাহ পূৰ্বে চিকিৎসালয়ৰ পৰা কিশোৰগৰাকীক ৰিলীজ দিয়া হৈছিল । কিশোৰটিৰ দেহত দাঁতৰ বিষ, তালুত সৰু আলচাৰ হোৱাৰ লক্ষণ দেখা গৈছিল। পৰীক্ষা কৰাত ধৰা পৰে ব্লেক ফাংগাছৰ সংক্ৰমণ।

আহমেদাবাৰ শিশু ৰোগ বিশেষজ্ঞ অভিষেক বানছালে জনোৱা মতে "এইটোৱেই কিশোৰৰ দেহত ব্লেক ফাংগাছ সংক্ৰমণৰ প্ৰথমটো ঘটনা হ'ব লাগে।"

১৪ এপ্ৰিলত কোৰোণা পজিটিভ হোৱাত কিশোৰটিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু ১০ দিনৰ কাৰণে ICUত ৰখা হৈছিল। কিশোৰটিক অক্সিজেন, ৰেমডিছিভিৰ বেজী আৰু ষ্টেৰয়ড দিয়া হৈছিল। ২৪ এপ্ৰিলত কিশোৰটিক ডিচাৰ্জ দিয়া হৈছিল। পাছত কিশোৰটিৰৰ দেহত দাঁতৰ বিষ, তালুত সৰু আলচাৰ হোৱাৰ লক্ষণ দেখা গৈছিল।

কিশোৰগৰাকীৰ ইতিমধ্যে অস্ত্ৰোপচাৰ কৰা হৈছে আৰু বৰ্তমান সুস্থ আছে বুলি জনাইছে চিকিৎসক বানছালে।

উল্লেখ্য যে গুজৰাটত ২২৮১ জন লোক মিউকৰমাইকোছিছ (Mucormycosis) অৰ্থাৎ ব্লেক ফাংগাছত আক্ৰান্ত হৈছে।
Published by: Manjumoni Borah
First published: May 23, 2021, 6:00 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি