কোৰোণাত সৰ্বাধিক আক্ৰান্ত চীনৰ য়ুহান চহৰত কিয় ফুটাইছে ফটকা? কিহৰ আনন্দ?

News18 Assam | News18-Assam
Updated:March 23, 2020, 8:31 AM IST
কোৰোণাত সৰ্বাধিক আক্ৰান্ত চীনৰ য়ুহান চহৰত কিয় ফুটাইছে ফটকা? কিহৰ আনন্দ?
তিনিদিন ধৰি কোৰোণাত কোনো লোক আক্ৰান্ত হোৱা নাই বুলি কোৱা কথাষাৰ সহজভাৱে লোৱা নাই অঞ্চলটোৰ একাংশ নাগৰিকে।

তিনিদিন ধৰি কোৰোণাত কোনো লোক আক্ৰান্ত হোৱা নাই বুলি কোৱা কথাষাৰ সহজভাৱে লোৱা নাই অঞ্চলটোৰ একাংশ নাগৰিকে।

  • Share this:
কোৰোণা ভাইৰাছৰ আৰম্ভণি চীনৰ য়ুহান চহৰৰ পৰা হৈছিল। সেইবাবে এই ভাইৰাছক য়ুহান ভাইৰাছ নামো দিয়া হৈছে। কিন্তু এতিয়া এই চহৰখনত জনসাধাৰণে ফটকা ফুটাইছে, আনন্দ প্ৰকাশ কৰিছে, কিন্তু কিয়?

আচলতে বিগত তিনিদিনত এই চহৰখনত নতুনকৈ কোনো লোক কোৰোণাত আক্ৰান্ত হোৱা নাই। প্ৰায় তিনি মাহলৈ কোৰোণাৰ আতংকত জীয়াই থকা জনসাধাৰণে এতিয়া আনন্দ প্ৰকাশ কৰাৰ সুযোগ পাইছে। প্ৰায় তিনি মাহ ধৰি লকডাউন আছিল য়ুহান চহৰ। প্ৰশাসনে নিৰ্দেশ দিছে যে একাংশ চেক পইণ্ট খুলি দিয়া হওক। কিন্তু এই নিষেধাজ্ঞা কেৱল চহৰখনৰ ভিতৰতহে প্ৰত্যাহাৰ কৰা হৈছে। চহৰৰ বাহিৰলৈ যোৱাৰ ক্ষেত্ৰত এতিয়াও আছে নিষেধাজ্ঞা। প্ৰশাসনৰ মতে, কোৰোণাক লৈ য়ুহান আটাইতকৈ সংবেদনশীল অঞ্চল আৰু আগন্তুক মাহতো চেষ্টা কৰা হ’ব যাতে এই ভাইৰাছ বাহিৰলৈ নিবিয়পে।

আনহাতে, তিনিদিন ধৰি কোৰোণাত কোনো লোক আক্ৰান্ত হোৱা নাই বুলি কোৱা কথাষাৰ সহজভাৱে লোৱা নাই অঞ্চলটোৰ একাংশ নাগৰিকে। চীনৰ ছাউথ চাইনা মৰ্ণিং পোষ্টৰ মতে, চহৰৰ সকলো লোকে বিশ্বাস কৰিব পৰা নাই যে তিনিদিন ধৰি কোৰোণাত কোনো নতুনকৈ আক্ৰান্ত হোৱা নাই। জনসাধাৰণৰ মতে চৰকাৰে তথ্য লুকুৱাইছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading