যোৰহাট জিলাত কোভিড সংক্ৰমণ বৃদ্ধি পাই থকাৰ বাবে চৰকাৰে জিলাখনক সম্পূৰ্ণ কণ্টেইনমেণ্ট জ'ন কৰি ৰখা সময়তে মৰিয়নিৰ প্ৰাক্তন বিধায়ক তথা ন-বিজেপি ৰূপজ্যোতি কুৰ্মীয়ে বাৰে বাৰে কোভিড প্ৰট'কল ভংগ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ।
ৰূপজ্যোতি কুৰ্মীৰ উদ্যোগত মৰিয়নিত দুখন বিশাল ৰাজহুৱা সভা আয়োজন হোৱা সত্বেও চকু মুদা কুলিৰ ভাও লৈ আহিছে যোৰহাট জিলা প্ৰশাসনে। এই বিষয়ত আজি বিধায়ক গৰাকীৰ বিৰুদ্ধে আটছাই মৰিয়নি আৰক্ষী থানাত বাৰে বাৰে কোভিড প্ৰট'কল ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি এখন এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল কৰা পিছতে আটছাৰ মৰিয়নি শাখাই আজি মূল্যবৃদ্ধি লগতে ৰূপজ্যোতি কুৰ্মীৰ কোভিড প্ৰট'কল ভংগৰ বিৰুদ্ধে মৰিয়নিৰ থানা তিনিআলিত হাতে হাতে প্লেকাৰ্ড লৈ মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
এতিয়া প্ৰশন হৈছে ৰূপজ্যোতিৰ বিৰুদ্ধে আৰক্ষীয়ে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|