মুখ্যপৃষ্ঠা » খবৰ

» Corona

»কোভিদ টীকাৰণৰ বাবে ওলাই যোৱাৰ পূৰ্বে গুগ'ল মেপত বিচাৰি লওক আপোনাৰ নিকটতৱৰ্তী টীকাকৰণ কেন্দ্ৰৰ সবিশেষ...

কোভিদ টীকাৰণৰ বাবে ওলাই যোৱাৰ পূৰ্বে গুগ'ল মেপত বিচাৰি লওক আপোনাৰ নিকটতৱৰ্তী টীকাকৰণ কেন্দ্ৰৰ সবিশেষ...

News18 Assam | News18-Assam
Updated:April 19, 2021, 2:00 PM IST
কোভিদ টীকাৰণৰ বাবে ওলাই যোৱাৰ পূৰ্বে গুগ'ল মেপত বিচাৰি লওক আপোনাৰ নিকটতৱৰ্তী টীকাকৰণ কেন্দ্ৰৰ সবিশেষ...
বৰ্তমানে ভাৰতত ৪৫ বছৰ বয়সৰ উৰ্ধৰ লোকসকলহে কোভিদ টীকাকৰণ গ্ৰহণৰ বাবে যোগ্য হিচাপে বিবেচিত কৰা হৈছে ।

বৰ্তমানে ভাৰতত ৪৫ বছৰ বয়সৰ উৰ্ধৰ লোকসকলহে কোভিদ টীকাকৰণ গ্ৰহণৰ বাবে যোগ্য হিচাপে বিবেচিত কৰা হৈছে ।

  • Share this:
ভাৰতত পুনৰ কোভিদ১৯ পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ প্ৰতিদিনে ভয়ংকৰ হাৰত বৃদ্ধি পাবলৈ লৈছে কোভিদত আক্ৰান্ত লোকৰ সংখ্যা ৷ তেনেস্থলত সংক্ৰমণৰ ভয়াৱহ দিশটোলৈ লক্ষ্য ৰাখিয়েই অতি শীঘ্ৰে সকলোকে কোভিদ টীকাকৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

যিহেতু ভাৰতত সম্প্ৰতি ৪৫ বছৰৰ বয়সৰ উৰ্ধৰ লোকসকলেহে কোভিদ ১৯ টীকাকৰণ শ্ব’ট লাভৰ বাবে যোগ্য । তেনেস্থলত টীকাকৰণ গ্ৰহণৰ বাহিৰলৈ ওলাই গৈ কোভিদ১৯ টীকাকৰণ কেন্দ্ৰ বিচাৰি ফুৰাটো এনে সময়ত এক ডাঙৰ সমস্যা হোৱাৰ লগতে যথেষ্ট বিপদজনকো হ'ব পাৰে ৷ সেয়েহে আপুনি এতিয়া গুগ’ল মেপৰ জৰিয়তে নিকটৱৰ্তী কোভিদ কেন্দ্ৰবোৰ বিচাৰি ল’ব পাৰিব । ঘৰৰ পৰা আৰামেৰে এই কেন্দ্ৰবোৰ বিচাৰিবলৈ আপুনি অনুসৰণ কৰিব পৰা কেইটামান দ্ৰুত পদক্ষেপ এনেধৰণৰ ৷

কেনেদৰে গুগ’ল মেপত বিচাৰি উলিয়াব নিকটৱৰ্তী কোভিদ১৯ টীকাকৰণ কেন্দ্ৰ -

পদক্ষেপ ১ : আপোনাৰ ফোনত থকা গুগ’ল মেপ এপটো খোলক আৰু “Covid Vaccination near me” চাৰ্চ কৰক ৷

পদক্ষেপ ২: আপুনি আপোনাৰ অৱস্থানৰ চাৰিওফালে টীকাকৰণ কেন্দ্ৰৰ এখন তালিকা দেখিব । নিৰ্দেশনা, যোগাযোগ নম্বৰ, অপাৰেটিং সময় আৰু বিতং ঠিকনা চাবলৈ "See Location Info" ত টেপ কৰক ৷

পদক্ষেপ ৩: আপুনি ওপৰৰ সোঁ কোণত থকা শ্বেয়াৰ আইকনত টেপ কৰি অৱস্থানৰ তথ্য আনৰ সৈতে শ্বেয়াৰো কৰিব পাৰে ৷

গুগ’ল মেপে লগতে ব্যৱহাৰকাৰীসকলক ভেকছিন শ্বট লাভ কৰাৰ বাবে যোগ্যতা, নথি পত্ৰ আদিৰ নিৰ্দেশনাও প্ৰদান কৰে ।

উল্লেখ্যে যে ,ভাৰতে কোভিদ১৯ দ্বিতীয় ঢৌৰ সৈতে মোকাবিলা কৰি আছে আৰু দেশখনে টীকাকৰণৰ তৃতীয় পৰ্যায় আৰম্ভ কৰিছে ৷ য'ত কেৱল ৪৫ বছৰৰ অধিক বয়সৰ লোককহে অন্তৰ্ভূক্ত কৰা হৈছে । বৰ্তমান, ভাৰতত লোকসকলক ক’ভিচিল্ড আৰু কোভেক্সিনৰ টীকাকৰণ কৰি থকা হৈছে ৷ ক’ভিচিল্ডক ভাৰতীয় চিৰাম ইনষ্টিটিউটৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে, আৰু কোভেক্সিনক হায়দৰাবাদস্থিত ভাৰত বায়’টেকে বিকশিত কৰিছে । ইফালে “স্পুটনিক ভি” হৈছে ভাৰতত অনুমোদিত তৃতীয়টো ভেকছিন আৰু ৰাছিয়াৰ “স্পুটনিক ভি”ৰ প্ৰথমটো পৰ্যায় চলিত মাহতে প্ৰদান কৰা হ'ব।

গুগ’লৰ এই পদক্ষেপৰ আঁৰৰ কথাটো হ'ল যে আপুনি ভেকছিন বা কামৰ বাবে বাহিৰলৈ ওলাই যোৱাৰ সময়ত যিমান সম্ভৱ মানুহৰ সৈতে দূৰত্ব বজাই ৰাখক আৰু সুৰক্ষিত থাকক আৰু মাস্ক পৰিধান কৰি থাকক।
Published by: Kokil Sarma
First published: April 19, 2021, 2:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি