পত্ৰখনত ক’ৰোণা ভাইৰাছৰ ফলত ব্যক্তিবিশেষ বা ব্যৱসায়িক ভাবে যিমানখিনি লোকচানৰ সন্মুখীন হৈছে সেই কথাও উল্লেখ কৰা হৈছে। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ দিন সমগ্ৰ দেশ তলা বন্ধ কৰাৰ বিষয়টোও উল্লেখ কৰিছে।
ব্যৱসায়ীসকলে ল’ক ডাউন আৰু বেংকৰ শেহতীয়া পদক্ষেপৰ বাবে লোন পৰিশোধ কৰিবলৈ সক্ষম নহ’বও পাৰে। যি বেংকৰ সৈতে তেওঁলোকৰ সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে। গতিকে এই ক্ষেত্ৰত বেংকে কিছু দিন ৰেহাই দিব লাগে বুলি পত্ৰখনত উল্লেখ কৰা হৈছে।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে COVID-19ৰ আতংকৰ ফলত দেশৰ অৰ্থনীতিত হোৱা লোকচানৰ পৰা পৰিত্ৰান পাবলৈ কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে নতুন পেকেজ ঘোষণা কৰিব বুলি উল্লেখ কৰে ।লগতে সেই বিষয়ৰ ওপৰত প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু বিত্ত বিভাগৰ কাৰ্যালয়ৰ সৈতেও আলোচনা কৰাৰ কথা উল্লেখ কৰে।