ক’ৰোণাতংকঃ ৯ লাখ কোটি টকাৰ ব্যৱসায়িক ক্ষতি! তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হ’ব দেশ

News18 Assam | News18-Assam
Updated:March 25, 2020, 4:16 PM IST
ক’ৰোণাতংকঃ ৯ লাখ কোটি টকাৰ ব্যৱসায়িক ক্ষতি! তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হ’ব দেশ
Source-Google

ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাসে ক্ষতি কৰিছে দেশৰ অৰ্থনীতি

  • Share this:
২১ দিনৰ ল’ক ডাউনত ব্যাপক ব্যৱসায়িক ক্ষতিৰ সন্মুখীন হ’ব দেশ। এই ক্ষতিৰ পৰিমাণ হ’ব পাৰে প্ৰায় ৯ লাখ কোটি টকা। বৰ্তমান দেশৰ জি়ডিপি গ্ৰুথ ৪ শতাংশ। এতিয়া ক’ৰোণা ভাইৰাছৰ ত্ৰাসৰ ফলত দেশৰ অৰ্থনীতি অধিক অৱনমিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে দেশৰ অৰ্থনীতিবিদসকলে।

এতিয়া ল’ক ডাউনৰ ফলত দেশত ব্যৱসায়িক বাণিজ্য সম্পূৰ্ণ বন্ধ। গতিকে আৰ্থিক বৃদ্ধিত পৰিব ইয়াৰ প্ৰভাৱ। ব্ৰিটিছ সংস্থা ৱাৰ্কলেছৰ তথ্য অনুসৰি ভাৰতৰ আৰ্থিক ক্ষতিৰ পৰিমাণ হ’ব পাৰে ১২০ বিলিয়ন ডলাৰ।

এই প্ৰভাৱ পৰিব পাৰে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াতো। ধাৰণা কৰা হৈছে যে, এপ্ৰিল মাৰ্চ মাহৰ ৰিভিউৰ সময়ত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ০.৬৫ শতাংশ সুতৰ হাৰ হ্ৰাস কৰিব পাৰে।

এতিয়া এনে পৰিস্থিতিত আৰ্থনীতিবিদসকলে, চৰকাৰে উচিত আৰ্থিক পেকেজ ঘোষণা কৰাতো বিচাৰিছে। কিন্তু এই পৰ্যন্ত চৰকাৰে কোনো ধৰণৰ আৰ্থিক পেকেজ ঘোষণা কৰা নাই। গতিকে এই ক্ষতিৰ পৰা কিদৰে পৰিত্ৰাণ লাভ কৰিব, সেই ধাৰণা কৰিব পৰা নাই ব্যৱসায়িক মহলে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading