உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • coronavirus-latest-news
    • »
    • ক’ৰোণা ভাইৰাছৰ আতংকঃ বাতিল হ’ল ২৬ খন ৰে’লৰ যাত্ৰা

    ক’ৰোণা ভাইৰাছৰ আতংকঃ বাতিল হ’ল ২৬ খন ৰে’লৰ যাত্ৰা

    কাইলৈৰ পৰা বাতিল হ’ব শতাব্দী আৰু জন শতাব্দী এক্সপ্ৰেছৰ যাত্ৰা

    কাইলৈৰ পৰা বাতিল হ’ব শতাব্দী আৰু জন শতাব্দী এক্সপ্ৰেছৰ যাত্ৰা

    কাইলৈৰ পৰা বাতিল হ’ব শতাব্দী আৰু জন শতাব্দী এক্সপ্ৰেছৰ যাত্ৰা

    • Share this:



    দেশত এতিয়া ক’ৰোণা ভাইৰাছৰ আতংক। প্ৰতিদিনেই দেশত বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। অসমতো এতিয়া ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি লোৱা হৈছে বিশেষ সাৱধানতা। ইতিমধ্যে চিনেমা হল, স্কুল–কলেজ, জিম, বাৰ–পাব আদি বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।

    ৰে’ল ষ্টেচনত হোৱা সমাগমলৈ লক্ষ্য ৰাখি ৰে’ল বিভাগে বাতিল কৰিছে ২৬ খন ৰে’লৰ যাত্ৰা। ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত আছে অসমৰ বিভিন্ন ঠাই সংযোগী বহু কেইখন ৰে’ল। বাতিল কৰা হৈছে ১৬ খন দূৰণীবটীয়া আৰু ১০খন স্থানীয় ৰে’ল। ইফালে কাইলৈৰ পৰা বাতিল হ’ব  শতাব্দী আৰু জন শতাব্দী এক্সপ্ৰেছ।


    Published by:Himangshu Bhuyan
    First published: