உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • coronavirus-latest-news
    • »
    • ক’ৰোণা ভাইৰাছঃ বাতিল হৈছে ১০০ খনৰো অধিক ৰে’লৰ যাত্ৰা

    ক’ৰোণা ভাইৰাছঃ বাতিল হৈছে ১০০ খনৰো অধিক ৰে’লৰ যাত্ৰা

    ভাৰতত ক’ৰোণা ভাইৰাছৰ প্ৰকোপ হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন পন্থা হাতত লৈছে।

    ভাৰতত ক’ৰোণা ভাইৰাছৰ প্ৰকোপ হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন পন্থা হাতত লৈছে।

    ভাৰতত ক’ৰোণা ভাইৰাছৰ প্ৰকোপ হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন পন্থা হাতত লৈছে।

    • Share this:
    ভাৰতত ক’ৰোণা ভাইৰাছৰ প্ৰকোপ হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন পন্থা হাতত লৈছে। বুধবাৰৰ দিনটো লৈকে ভাৰতবৰ্ষত ক’ৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৪৭ জনলৈ বৃদ্ধি পাইছে। ইতিমধ্যে বন্ধ কৰা হৈছে বিদ্যালয়, মহাবিদ্যালয়, পাৰ্ক, জিম চিনেমা হল। আনকি বৃহৎ জনাসমাগম বৰ্জন কৰিবলৈও ৰাইজক আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰে।

    ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি ভাৰতৰ ৰে’ল বিভাগেও হাতত লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আনকি ৰে’লৱে বিভাগে ৰে’ল ষ্টেচনত যা’তে ভিৰ হ্ৰাস কৰিব পাৰে , তাৰ প্ৰতি লক্ষ্য ৰাখি বহু কেইখন ৰে’ল বাতিল কৰাৰ কথা জানিবলৈ দিছে।

    দেশৰ বিভিন্ন প্ৰান্তৰ বহু কেইখন গুৰুত্বপূৰ্ণ ৰে’লৰ যাত্ৰাও এতিয়া বাতিল কৰা হৈছে। এতিয়ালৈকে ১০০খনৰো অধিক ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে। ৰে’ল বিভাগে উল্লেখ কৰিছে যে, ক’ৰোণা ভাইৰাছৰ ভয়াৱহতাৰ লগতে, যাত্ৰীৰ সংখ্যা কম হোৱাৰ কাৰণেই বাতিল কৰা হৈছে ৰে’ল কেইখনৰ যাত্ৰা।

    বাতিল হোৱা কেইখনমান গুৰুত্বপূৰ্ণ ৰে’ল

    • মুম্বাই– নতুন দিল্লী সংযোগী ছত্তপতি শিৱাজী মহাৰাজ টৰ্মিনছ– নিজামুদ্দীন ৰজধানী এক্সপ্ৰেছ ২০, ২৩, ২৭, ৩০ মাৰ্চত বাতিল কৰা হৈছে।

    • লোকমান্য তিলক টৰ্মিনছ– নিজামাবাদ এক্সপ্ৰেছ ২১ মাৰ্চৰ পৰা ২৯ মাৰ্চ লৈকে বাতিল কৰা হৈছে।

    • কোলকাতা–মুম্বাই সংযোগী হাওড়া–মুম্বাই দুৰন্ত এক্সপ্ৰেছ ২৪ মাৰ্চৰ পৰা ১ এপ্ৰিললৈকে বাতিল কৰা হৈছে।

    • এলটিটি–মানমাড এক্সপ্ৰেছ ১৮ৰ পৰা ৩১ মাৰ্চ, মুম্বাই–পুনে প্ৰগতি এক্সপ্ৰেছ ১৮ৰ পৰা ১ এপ্ৰিললৈকে আৰু মুম্বাই–পুনে ডেক্কন এক্সপ্ৰেছ ১৮ৰ পৰা ৩১ মাৰ্চ পৰ্যন্ত বাতিল কৰা হৈছে।


    যদি সম্পূৰ্ণ লিষ্ট চাব বিচাৰে, তেন্তে indianrailway.mobiletrains লিংকত গৈ চাব পৰিব।
    Published by:Himangshu Bhuyan
    First published: