হাস্পতাললৈ অনা হৈছিল জ্বৰ–কাঁহত আক্ৰান্ত যুৱকক, কোৰোণা ভাইৰাছৰ আশংকাত পলাল চিকিৎসক

News18 Assam | News18-Assam
Updated:March 15, 2020, 5:20 PM IST
হাস্পতাললৈ অনা হৈছিল জ্বৰ–কাঁহত আক্ৰান্ত যুৱকক, কোৰোণা ভাইৰাছৰ আশংকাত পলাল চিকিৎসক
উত্তৰ প্ৰদেশত এতিয়ালৈ ১২জন লোকৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছ।

উত্তৰ প্ৰদেশত এতিয়ালৈ ১২জন লোকৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছ।

  • Share this:
বিশ্বত দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোণা ভাইৰাছ আক্ৰান্ত হোৱাৰ ঘটনা। শনিবাৰে উত্তৰ প্ৰদেশৰ বস্তি জিলাৰ হৰিবংশপুৰ বুজুৰ্গ গাঁৱৰ নিবাসী বিছমিল্লাহ নামৰ লোকজন ডুবাইৰ পৰা আহি ঘৰত উপস্থিত হৈছিল। জ্বৰ আৰু কাঁহত আক্ৰান্ত লোকজনক এখন ব্যক্তিগত চিকিৎসালয়ত কোৰোণা ভাইৰাছৰ পৰীক্ষাৰ বাবে নিয়া হৈছিল।

কোৰোণা ভাইৰাছৰ নাম শুনিয়েই হাস্পতালখনত সৃষ্টি হয় আতংকময় পৰিৱেশৰ। চিকিৎসক আৰু চিকিৎসা কৰ্মীসকল হাস্পতাল এৰি বাহিৰলৈ ওলাই আহে। শীঘ্ৰে এই কথা জনোৱা হয় জিলা প্ৰশাসনক। শীঘ্ৰেই চিকিৎসকৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ আশংকাত লোকজনক কেলী হাস্পতালৰ আইছ’লেচন ৱাৰ্ডত ভৰ্তি কৰোৱা হয়। লোকজনৰ চিকিৎসা আৰম্ভ কৰিছে চিকিৎসকে।

উল্লেখযোগ্য যে উত্তৰ প্ৰদেশত এতিয়ালৈ ১২জন লোকৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছ। ইয়াৰ ভিতৰত সাতজন আগ্ৰাৰ, দুজন গাজিয়াবাদৰ, এজন নয়দাৰ আৰু দুজন লক্ষ্ণৌৰ। ইয়াৰ ১০জনৰ চিকিৎসা দিল্লীৰ ছফদৰজংগ হাস্পতালত আৰু দুজনৰ লক্ষ্ণৌৰ কেজিএমইউত চলি আছে।
Published by: Sanjay Kumar Das
First published: March 15, 2020, 5:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading