• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • COVID-19 Medicine : DRDOৰ কোৰোণা ঔষধ 2-DGৰ প্ৰতি পেকেটত দাম হ’ব ৯৯০টকা।  চৰকাৰী হাস্পতালক ৰেহাই মূল্যত যোগান ধৰিব 2-DGৰ পেকেট।

COVID-19 Medicine : DRDOৰ কোৰোণা ঔষধ 2-DGৰ প্ৰতি পেকেটত দাম হ’ব ৯৯০টকা।  চৰকাৰী হাস্পতালক ৰেহাই মূল্যত যোগান ধৰিব 2-DGৰ পেকেট।

ৰাজনাথ সিং আৰু হৰ্ষবৰ্ধনে 2-DG ঔষধ মুকলি কৰাৰ মূহূৰ্তত, ১৭মে'ত।

ৰাজনাথ সিং আৰু হৰ্ষবৰ্ধনে 2-DG ঔষধ মুকলি কৰাৰ মূহূৰ্তত, ১৭মে'ত।

শীঘ্ৰেই এই ঔষধৰ ১০,০০০ পেকেট বজাৰত উপলব্ধ হ'ব। এই ঔষধৰ ক্লিনিকেল পৰীক্ষণত চিকিৎসাধীন ৰোগীৰ সোনকালে আৰোগ্য লাভ আৰু কৃত্ৰিম অক্সিজেনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস হোৱা দেখা গৈছে।

  • Share this:
DRDOই প্ৰস্তুত কৰা কোৰোণাৰ ঔষধ 2-DGৰ প্ৰতি পেকেটৰ দাম নিৰ্ধাৰণ কৰা হৈছে ৯৯০ টকা। ঔষধ নিৰ্মাতা কোম্পানী ডক্টৰ ৰেড্ডীছে ( Dr Reddy’s) উৎপাদন কৰিব এই 2-DG ঔষধ। ANIত চৰকাৰী বিষয়াৰ উদ্ধৃতি দি প্কাশিত এক বাতিৰ মতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চিকিৎসালয়সমূহে ৰেহাই মূল্যত লাভ কৰিব 2-DG ঔষধ। অতি শীঘ্ৰেই এই ঔষধৰ ১০,০০০ পেকেট বজাৰত উপলব্ধ হ'ব বুলি বৃহস্পতিবাৰে জনাইছিল কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে।

2-DG ঔষধ কোৰোণা মহামাৰী নিৰাময়ৰ ক্ষেত্ৰত এক যুগান্তকাৰী উদ্ভাৱন হ'ব পাৰে বুলি মন্তব্য কৰিছে বহুজনে। 2-DG (2-deoxy-D-glucose) ঔষধ DRDOৰ লেবৰেটৰী Institute of Nuclear Medicine and Allied Sciences (INMAS)ৰ দ্বাৰা উদ্ভাৱন কৰা হৈছে। Dr Reddysৰ লেবৰেটৰীয়েও এই উদ্ভাৱনত সহযোগ কৰিছিল। ক্লিনিকেল পৰীক্ষণত এই ঔষধবিধ প্ৰয়োগৰ ফলত চিকিৎসাধীন ৰোগীৰ সোনকালে আৰোগ্য লাভ আৰু কৃত্ৰিম অক্সিজেনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস হোৱা দেখা গৈছে।

২০২০ চনৰ এপ্ৰিল মাহৰ পৰাই INMAS-DRDOৰ বিজ্ঞানীসকলে এই ঔষধ প্ৰস্তুতৰ বাবে অহৰহ গৱেষণা আৰু পৰীক্ষা-নীৰিক্ষা চলাই আছিল। ২০২০ৰ মে'ৰ পৰা 2- DG ঔষধৰ ক্লিনিকেল পৰীক্ষণ আৰম্ভ কৰা হৈছিল। ১১০ গৰাকী ৰোগীৰ দেহত 2- DG ঔষধৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা কৰা হৈছিল।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি